
তামুলপুৰত একেদিনাই কেইবাটাও দুৰ্ঘটনা?
ভূমিকম্প, পথ দুৰ্ঘটনা আৰু জুই লগাৰ ফলত দুগৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয়।
তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আৰু তামুলপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কালিৰে পৰা জিলা পৰ্যায়ত “ইনচিডেণ্ট ৰেছপনছ্ ছীষ্টেম” সম্পৰ্কীয় এখনি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল।
উক্ত কাৰ্যসূচীত অগ্নিনিৰ্বাপক বাহিনী, স্বাস্থ্য বিভাগ, SDRF, NDRF কে ধৰি বিভিন্ন বিভাগ আৰু পেবেলিয়ান নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে সহযোগত কৰে।