তামুলপুৰত ইউপিপিএলত যোগদান চাৰি শতাধিক লোকৰ।

  • Current
  • March 15, 2025
  • 0 Comments
Telegram

তামুলপুৰত ইউপিপিএলত যোগদান চাৰি শতাধিক লোকৰ।

 

কলা চচমা পিন্ধা বিপিএফ দলে পৰিবৰ্তন দেখা নাই– প্ৰমোদ বড়ো।

 

তামুলপুৰ, ১৫ মাৰ্চঃ

 

কলা কলা চচমা পিন্ধা বিপিএফ দলে পৰিবৰ্তন দেখা নাই যদিও ৰাইজে দেখিছে এই ভাষ্য বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। তামুলপুৰ জিলাৰ সৌৰাগুৰিস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নিজ বাসগৃহত কালি নিশা চাৰি শতাধিক লোকে ইউপিপিএল দলত যোগদান কৰে। তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক সৰঞ্জন ৰাভা আৰু জিলা এবছুৰ প্ৰাক্তন সভাপতি বানেশ্বৰ নাৰ্জাৰীসহ ছাত্ৰ নেতা দুগৰাকীৰ নেতৃত্বত চাৰি শতাধিক লোকে ইউপিপিএলত দলত যোগদান কৰে। যোগদান কাৰ্যসূচীৰ পিছতেই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে– বিটিআৰৰ ৪০টা পৰিষদীয় সমষ্টিত বিভিন্ন দল সংগঠন বা আন আন ৰাজনৈতিক দলৰ পৰা ইউপিপিএল দলত যোগদান কৰাৰ জোৱাৰ উঠিছে। নিৰ্বাচন যেতিয়াই নাহক কিয় ইউপিপিএল দল সদাই সাজু আছে। সমগ্ৰ বিটিআৰত ৪০ টা পৰিষদীয় সমষ্টিত ৩,২০০টা বুথত আমাৰ কাম চলি আছে। বিটিআৰত আমি এটা শক্তিশালী দল হিচাপে কাম কৰি আছো।

আৰু দিনক দিনে অধিক শক্তিশালী হৈ গৈ আছো। ইপিনে পৰিবৰ্তনৰ প্ৰসংগত তেওঁ আকৌ কয় যে গৃহমন্ত্ৰী পঞ্চম বাৰৰ বাবে বডোলেণ্ডত আহিছে। বিগত চাৰি বছৰত প্ৰধানমন্ত্ৰী ৩ বাৰ আৰু গৃহমন্ত্ৰীৰ ৫ বাৰ ভ্ৰমণ কৰাটো বৃহত পৰিবৰ্তন হোৱাটো বুজাইছে। কেবল কলা কলা চচমা পিন্ধা বিপিএফ দলে পৰিবৰ্তন দেখা নাপালেও বিটিআৰৰ ৰাইজে পৰিবৰ্তন দেখিছে বাবে দিনক দিনে সমগ্ৰ বিটিআৰত ইউপিপিএল দলত যোগদানৰ জোৱাৰ উঠিছে বুলি তেওঁ উল্লেখ কৰে। ইউ পি পি এল দলৰ জিলা সম্পাদক বানেশ্বৰ বড়োৱে আঁতধৰা উক্ত যোগদান কাৰ্যসূচীত বিটিআৰৰ চি এছ বিৰ অধ্যক্ষ দীপক স্বৰ্গীয়াৰী, বি টি আৰ পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, তামুলপুৰ ইউ পি পি এল দলৰ সভাপতি তথা বিধায়ক জলেন দৈমাৰী সাধাৰন সম্পাদক গনেশ নাথ কেন্দ্ৰীয় নেতা ৰোমিত স্বৰ্গীয়াৰী প্ৰমুখ্যে জিলা পৰ্যায় আৰু ব্লক সমিতিৰ কৰ্মকৰ্ত্তাসকল উপস্থিত আছিল।###

  • Related Posts

    • Current
    • June 19, 2025
    • 6 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 6 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *