তামুলপুৰত আশা কৰ্মীৰ সকলৰ কামৰ বোজা সীমিত কৰা, সময়মতে প্ৰাপ্য বকেয়া আদায়ৰ দাবীত জিলা আয়ুক্তক স্মাৰক পত্ৰ। 

Telegram

তামুলপুৰত আশা কৰ্মীৰ সকলৰ কামৰ বোজা সীমিত কৰা, সময়মতে প্ৰাপ্য বকেয়া আদায়ৰ দাবীত জিলা আয়ুক্তক স্মাৰক পত্ৰ। 

 

তামুলপুৰ ১৬ জুন।

 

তামুলপুৰ জিলা আশা কৰ্মী সন্থাই আজি আশা কৰ্মী সকলৰ ওপৰত জাপি দিয়া অতিৰিক্ত কামৰ বোজাৰ পৰা ৰেহাইদিয়া, সময়মতে নিয়োজিত কামৰ বকেয়া আদায় দিয়াৰ লগতে কেইবাটাও দাবীৰ সমৰ্থন তামুুলপুৰ জিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰ প্ৰদান কৰি তামুলপুৰ জিলা আশাকৰ্মী সংস্থাৰ নেত্ৰী বৃন্দই সংবাদ মাধ্যমৰ আগত কয়—বিগত ২০ ধৰি বছৰ ধৰি আমি আশাকৰ্মীৰ হিচাপে নিস্বাৰ্থ ভাৱে সেৱা কৰি আহিছো ৷ কিন্তু শেহতীয়াকৈ আমাৰ ওপৰত অতিৰিক্ত কামৰ বোজা জাপি দিয়াৰ উপৰিও কামত অবহেলা কৰা বুলি আশা কৰ্মী সকলক বিভিন্ন ভয় ভাবুকি দিয়ে বিভাগীয় বিষয়া সকলে। সপ্তাহটোৰ সাত দিনেই সেৱা আগবঢ়োৱা আশাকৰ্মী সকলক বিভাগীয় বিষয়া সকলক ভয় ভাবুকি দিয়াৰ পৰা আতৰি থকাৰ লগতে অতিৰিক্ত কামৰ বোজা জাপি দিয়া বন্ধ কৰিবলৈ দাবী জনাই তামুলপুৰ জিলা আশা কৰ্মী সন্থাই। তামুলপুৰ ৩৮৪ গৰাকী আশা কৰ্মীয়ে সমদল কৰি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা আয়ুক্ত স্মাৰক পত্ৰ দিয়া কাৰ্যসূচীত উপস্থিত থাকে তামুলপুৰ জিলা আশা কৰ্মীৰ সভানেত্ৰী চাৰু কলিতা আৰু সম্পাদিকা কৰিন কলিতা।

  • Related Posts

    • Current
    • September 17, 2025
    • 2 views
    • 1 minute Read
    চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ

    Telegram

    TelegramTweetচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ   চতিয়া, ১৭ ছেপ্টেম্বৰঃ চতিয়াৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মৰনৈ নদীৰ ওপৰৰ পুৰনি দলংখনত মঙলবাৰে বিয়লি হঠাতে বৃহৎ…

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *