তামুলপুৰত আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি যোগ জাগৰণ যাত্ৰা।

Telegram

তামুলপুৰত আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি যোগ জাগৰণ যাত্ৰা।

 

তামুলপুৰ, ২৩ মে’:

 

১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে তামুলপুৰত অসম যোগ জাগৰণ যাত্ৰা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ গুৱাহাটীৰ তত্বাৱধানত তথা তামুলপুৰ যোগ বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত ৰূপায়ণ কৰা হয় অসম যোগ জাগৰণ যাত্ৰা। তামুলপুৰ জিলাৰ বৰবালিশিহা আঞ্চলিক এম ই স্কুল প্ৰাঙ্গণত অনুষ্ঠিত অসম যোগ জাগৰণ যাত্ৰা উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে। তামুলপুৰ যোগ বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষক গোবিন্দ ডেকাই আঁত ধৰা সভাখনত বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ গুৱাহাটীৰ সভাপতি যোগাচাৰ্য্য শুভাশিষ কৰে। উদ্বধনি ভাষণ প্ৰসংগত যোগাচাৰ্য্য শুভাশিষ কৰে কয় যে– ২০১৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গোটেই বিশ্বত প্ৰথম বাৰৰ বাবে যোগ দিৱস পালন কৰা হৈছিল। এই যোগ দিৱস বিশ্বৰ ১৯৬ খন দেশে পালন কৰি আহিছে। যোগ হৈছে ভাৰতীয় ঋষি মহৰ্ষি সকলৰ অনবদ্য অৱদান। আজি বিশ্বৰ সকলো দেশেই যোগক আঁকোৱালি লৈছে। অসম যোগ জাগৰণ যাত্ৰা চলিত বৰ্ষৰ ২১ মে’ৰ পৰা ২১ জুনলৈ এমহীয়া যোগ শিবিৰ অসমৰ প্ৰতিখন জিলাত পালন কৰা হ’ব। এইবেলি এই যাত্ৰা তামুলপুৰ জিলাৰ এক প্ৰান্তীয় অঞ্চল বৰবালিশিহা আঞ্চলিক এম ই স্কুল প্ৰাঙ্গণৰ পৰা আৰম্ভ কৰা হ’ল। নিতৌ যোগ কৰিলে স্বাস্থ্য ভালে থকাৰ উপৰি ছাত্ৰ ছাত্ৰীৰ স্মৃতি শক্তি আৰু বুদ্ধিমত্তা বিকাশৰ কাৰণে ই এক বিজ্ঞান সন্মত পদ্ধতি। সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰবি ৰাভা, সহকাৰী শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ সভাপতি আদিয়ে যোগ চৰ্চাৰ ফলপ্ৰসু দিশৰ ওপৰত ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানটোত তামুলপুৰ যোগ বিজ্ঞান মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক, প্ৰশিক্ষাৰ্থীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।###

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *