
তামুলপুৰত আছুৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি ৷
তামুলপুৰঃ৫ নৱেম্বৰঃ
সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আজি সন্ধিয়া ৫:০০বজাত বন্তি প্ৰজ্বালন কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ সন্ধিয়া উলুবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক মহেশ বৈশ্যই শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বালন কৰে ৷ প্ৰজ্বালক মহেশ বৈশ্যই সুধাকণ্ঠৰ জীৱন ৰ ওপৰত আলোকপাত কৰি শিল্পী গৰাকীৰ কৰ্মৰাজিক স্মৰণ কৰে। আজিৰ বন্তি প্ৰজ্বালন অনুষ্ঠানত তামুুলপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক লোহিত চন্দ্ৰ দাস কলিতা উন্নয়ন পৰিষদৰ সদস্য ভূপেন্দ্ৰ কলিতা, তামুলপুুৰ জিলা আছুৰ উপদেষ্টা পূৰ্ণ ডেকা অসম সেনাৰ কাৰ্যনিৰ্বাহক সদস্য চক্ৰেশ্বৰ তালুকদাৰ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কলিতা সাধাৰন সম্পাক তুষাৰ কলিতা সহ সদস্য বৃন্দ সহ শতাধিক লোক উপস্থিত থাকে।