BTR NEWS

তামুলপুৰত অসম দিব্যাংগ ক্ৰীড়া সন্থা( Assam Blind Sports Association-)ৰ উদ্যোগত এক বিশেষ ক্ৰিকেট লীগ প্ৰতিযোগিতাঃ

Telegram

তামুলপুৰত অসম দিব্যাংগ ক্ৰীড়া সন্থা( Assam Blind Sports Association-)ৰ উদ্যোগত এক বিশেষ ক্ৰিকেট লীগ প্ৰতিযোগিতাঃ

 

তামুলপুৰ

 

 

আসাম ব্লাইণ্ড স্পৰ্টছ এছোচিয়েশ্বনৰ উদ্যোগত আজি আজিৰে পৰা তামুলপুৰত আৰম্ভ হৈছে বিশেষ ক্ৰিকেট লীগ প্ৰতিযোগিতা ৷ পূৱ মণ্ডল আৰু পশ্চিম মণ্ডলৰ মাজত অনুষ্ঠিত

এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা দিব্যাংগ ক্ৰিকেট খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলৰ জৰিয়তে খেলুৱৈসকলৰ মেধা বাছনি কৰি অসমৰ পক্ষৰ পৰা এটা টীম Nagesh Trophy ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷

আজি এই খেলখন শুভাৰম্ভণি কৰে তামুলপুৰৰ MCLA হেমন্ত কুমাৰ ৰাভাই। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, দিব্যাংগসকলৰ ক্ৰীড়া প্রতিভাক আগবঢ়াবলৈ এই ধৰণৰ প্ৰতিযোগিতা অতি প্রয়োজনীয় আৰু ইয়াৰ জৰিয়তে সমাজত এক সঁচা উদাহৰণ স্থাপন হ’ব।

আজিৰ দিনটোৰ পৰা আৰম্ভ হোৱা এই Blind Cricket লীগত অংশগ্ৰহণকাৰী সকলৰ মাজত উৎসাহ-উদ্দীপনা লক্ষ্য কৰা যায়। আয়োজক সমিতিয়ে আশা প্ৰকাশ কৰিছে, বাছনি কৰা খেলুৱৈসকলে Nagesh Trophy-ত অসমৰ নাম উজ্জ্বল কৰি আনিব। T1o পদ্ধতিৰে অনুষ্ঠিত আজিৰ খেলত

পূৱ মণ্ডলে ৮৬ ৰাণত পশ্চিম মণ্ডলক পৰাস্ত কৰে৷

আজি অনুষ্ঠিত ক্ৰিকেট লীগত

মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে৷###

Exit mobile version