BTR NEWS

তামুলপুৰত অসম চৰকাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

Telegram

তামুলপুৰত অসম চৰকাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

 

তামুলপুৰ, ১১ জুন

 

বিটিআৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপি। নিশা তামুলপুৰ জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়ত অসম চৰকাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ তামুলপুৰ জিলাৰ বিজেপিৰ সৈতে বিটিআৰ নিৰ্বাচন সম্পৰ্কে মতবিনময় কৰে। মতবিনিময়ৰ অন্তত সাংবাদিকৰ আগত ৰঞ্জিত কুমাৰ দাসে কয়— আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি দলে অকলে নিৰ্বাচন অৱতীৰ্ণ হম। আমাৰ কৰ্যকৰ্তা সকলেও বিটিআৰ নিৰ্বাচনত অকলে অৱতীৰ্ণ হ’ব বাবে অনুৰোধ জনাইছে। বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অৱতীৰ্ণ হৈ তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ বাবে সাজু হৈছে বুলি মন্তব্য কৰে। সাংবাদিকৰ আন এক প্ৰশ্ন উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়– গৌৰৱ গগৈ বিটিআৰত আহি নোপোৱাকৈ কংগ্ৰেছ দলে বিটিআৰ দখল কৰিম বুলি কোৱাটো ৰোগী নোচোৱাকৈ ৰোগীজন ভাল হ’ব বুলি কৈ দিয়াৰ নিচিনা কথা। ৰোগী নোচোৱাকৈ ৰোগীজন ভাল হ’ব বুলি কোৱা ডাক্টৰজন হৈছে গৌৰৱ গগৈ। আমি ৰোগী চাই মেলি চিকিৎসা কৰি থৈ দিছো। বাৰিষা কালত যেনেদৰে ভেকুলীবোৰ ওলাই ঠিক তেনেদৰে নিৰ্বাচন আহিলে কংগ্ৰেছ দল ওলাই আহে বুলি মন্তব্য কৰে। নিশা মন্ত্ৰী গৰাকীৰ সৈতে মত বিনিময় অনুষ্ঠানত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিটিআৰৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰী, ড° ধৰ্মনাৰায়ণ দাস, এম চি এল এ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো উপস্থিত থাকে।

Exit mobile version