
তামুলপুৰত অসম চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে তামুলপুৰ জিলা আমছুৰ উত্তাল প্ৰতিবাদ–
তামুলপুৰ,১২ জুলাইঃ
অসমৰ বিভিন্ন প্ৰান্তত ধৰ্মীয়
সংখ্যালঘু লোক সকলক অসম চৰকাৰে উচ্ছেদ কাৰ্য চলোৱাৰ বিৰুদ্ধে আজি তামুলপুৰত আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তামুলপুৰ জিলা সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদ কাৰী সকলে হাতে হাতে বেনাৰ ,প্লেকাৰ্ড আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে অমানবীয় উচ্ছেদ বন্ধ কৰক, আৱাজ দো এক হো, এই সংগ্ৰাম চলিছে চলিবই,উই ৱাণ্ট জাষ্টিছ ,ন জাষ্টিছ ন ৰেষ্ট,অসম চৰকাৰ হায় হায়,বিজেপি চৰকাৰ গ’ বেক,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আমছু জিন্দাবাদ, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত আমছুৱে তামুলপুৰ জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷আজিৰ প্ৰতিবাদী কাৰ্যসূচীত তামুলপুৰ জিলা আমছুৰ সভাপতি ফিৰ্দুছ আলী খান,সাধাৰণ সম্পাদক ৰহমান আলী, উপ সভাপতি ওমৰ আলী,আবুল আহমেদ,মুখ্য সাংগঠনিক সম্পাদক আব্দুৰ ৰহিম আলীকে ধৰি বহু সংখ্যক আমছু সদস্য উপস্থিত থাকে ৷##