BTR NEWS

*তামুলপুৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা*

Telegram

*তামুলপুৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা*

 

_”অৰুণোদয় ৩.০-ৰ উপভোক্তা ৫৯ হাজাৰলৈ বৃদ্ধি কৰা হ’ব।”_ ― মুখ্যমন্ত্ৰী

 

*তামুলপুৰ, ৪ জুলাই, ২০২৫* : আজি তামুলপুৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰায় দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হয়। পোনতে তেওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে বিভিন্ন ক্ষেত্ৰত জিলাখনৰ অগ্ৰগতি সম্পৰ্কে ব্যাখ্যা কৰে। তেওঁৰ বক্তব্যত দেশৰ ভিতৰতে তামুলপুৰ উন্নয়ন খণ্ডৰ প্ৰথম স্থান, কৃষি, স্বাস্থ্য খণ্ডৰ পঞ্চামৃত কাৰ্যসূচী, লোন মেলা, জব মেলা, মিছন বিকল্প, জল সৈনিক, ৰান ফৰ হেপিনেছ, হাতী-মানুহৰ সংঘাত, বৃক্ষ ৰোপণ, মধ্যাহ্নভোজন, ড্ৰাগছ্ আদি বিষয়ে স্থান পায়। তাৰ পাছত তেওঁ মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে জিলাখনত ৰূপায়ণ হৈ থকা ধ্বজাবাহী আঁচনি— অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু এটি কলি দুটি পাতৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আটাইবোৰ বিষয় পুংখানুপুংখভাৱে চাই জিলাখনত যাতে কোনো যোগ্য হিতাধিকাৰী প্ৰাপ্যৰ পৰা বঞ্চিত নহয়, তালৈ লক্ষ্য ৰাখিবলৈ আহ্বান জনায়‌। উপস্থিত জনপ্ৰতিনিধি তথা বিষয়াসকলৰ পৰা ৰাস্তা-ঘাট, দলং নিৰ্মাণ আদিৰ বিষয়েও তেওঁ বুজ লয়‌। তামুলপুৰ জিলাৰ অৰুণোদয় ৩.০ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় ১.০ আৰু ২.০ মিলাই ২০,৮৩৩গৰাকী উপভোক্তাই এই আঁচনিৰ সুফল লাভ কৰিছে, আৰু অৰুণোদয় ৩.০-ৰ জৰিয়তে তামুলপুৰত এই সংখ্যা ৫৯ হাজাৰলৈ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান, এটি কলি দুটি পাত আৰু ৰেছন কাৰ্ড বিতৰণ সন্দৰ্ভতো তামুলপুৰ জিলাত উপভোক্তাৰ সংখ্যা বৃদ্ধি কৰা হ’ব। পৰ্যালোচনা সভাখনত ড° হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনে বিভিন্ন আঁচনি সম্পৰ্কে কৰা প্ৰস্তুতি পৰ্যালোচনা কৰি, সুফলবোৰ গাঁও পৰ্যায়লৈ সঠিকভাৱে নি কাৰ্যকৰী আৰু স্বচ্ছ ব্যৱস্থাপনা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মুখ্য আঁচনিসমূহৰ সম্পূৰ্ণ কাৰ্যকাৰিতাৰ ওপৰত জোৰ দিয়ে, যাতে এইবোৰ আঁচনিয়ে অঞ্চলটোৰ কমেও ১৫ লাখ পৰিয়ালৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনি দিব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীক জিলা পৰ্যায়ৰ মনিটৰিং সমিতিৰ সৈতে সমন্বয় কৰি উপভোক্তাৰ তালিকা চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে এই আঁচনিসমূহ আহি থকা আগষ্ট মাহৰ আগতেই উদ্বোধন কৰিব পৰা যায়। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ নৱনিৰ্মিত ভৱনটোও পৰিদৰ্শন কৰে। তাৰ পাছত তেওঁ তামুলপুৰ জিলাৰ বিজেপি দলৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো মুকলি কৰি কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত অনুষ্ঠিত বুথ সন্মিলনত অংশগ্ৰহণ কৰে। তাৰ পাছতে উক্ত স্থানতে জিলাখনৰ ৪০টা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ সৈতেও মিলিত হয়। আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰ্যালোচনা সভাখনত বিটিচিপ্ৰধান প্ৰমোদ বড়ো, অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ দিলীপ শ‌ইকীয়া, স্থানীয় বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, ৰণেন্দ্ৰ নাৰ্জাৰী, পাৰিষদ বিজিতগৌৰা নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভা, পৱিত্ৰ কুমাৰ বড়ো, চম্পাৱতী ডেকা, বিটিচিৰ প্ৰধান সচিব আকাশদীপ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়াবৰ্গ আদিৰ উপৰি বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে

Exit mobile version