তামুলপুৰত অন্ন সেৱা দিনত সামগ্ৰী বিতৰণত অৱহেলা ৩৭ গৰাকী সুলভ মূল্যৰ দোকানীলৈ কাৰণ দৰ্শোৱাৰ জাননী

  • Crime
  • June 4, 2025
  • 0 Comments
Telegram

তামুলপুৰত অন্ন সেৱা দিনত সামগ্ৰী বিতৰণত অৱহেলা

৩৭ গৰাকী সুলভ মূল্যৰ দোকানীলৈ কাৰণ দৰ্শোৱাৰ জাননী

 

তামুলপুৰ, ৪ জুন :

 

১ জুনৰ পৰা ২০ জুনলৈ ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানীত চলি থকা বিশেষ অন্ন সেৱা দিনত সামগ্ৰী বিতৰণত কৰা অৱহেলাৰ বাবে তামুলপুৰৰ ৩৭ জন সুলভ মূল্যৰ দোকানীলৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী। ইয়াৰে ৮ খন সুলভ মূল্যৰ দোকানীয়ে মাত্ৰ নগন্য সংখ্যক ৰেচন কাৰ্ডৰ গৰাকীকহে সামগ্ৰী বিতৰণ কৰি আছিল। চৰকাৰী নিদেৰ্শ সঠিকভাৱে পালন নকৰা দোকানী সকলৰ বিৰুদ্ধে আজি তামুলপুৰ জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালকৰ নেতৃত্বত বিভাগৰ এক পৰিদৰ্শনকাৰী দলে আজি দক্ষিণ ডেফেলী বহুমুখী সমবায় সমিতিৰ এলেকাত আকস্মিক পৰিদৰ্শন চলায়। এই অভিযানৰ সময়ত পোহৰলৈ আহে যে চৰকাৰী নিদেৰ্শনাৰ পাছতো সুলভ মূল্যৰ দোকানী কেইজনমানে জুন, জুলাই আৰু আগষ্ট এই তিনিমাহৰ একেলগ কৰাৰ সলনি কেৱল জুন আৰু জুলাই মাহৰহে সামগ্ৰী বিতৰণ কৰি আছিল। পৰিদৰ্শনকাৰী বিষয়াৰ দলে উপস্থিত থকা ৰেচন কাৰ্ডৰ গৰাকী সকলক তিনিমাহৰ সামগ্ৰী লবৰ বাবে অনুৰোধ জনায় আৰু গাৱৰ সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীক তিনিমাহৰ সামগ্ৰীহে লবৰ বাবে জনাই দিবলৈ গোহাৰি দিয়ে । ইফালে পৰিদৰ্শনকাৰী বিষয়াৰ দলটোক দুগৰাকী সুলভ মূল্যৰ দোকানীয়ে প্ৰাপ্য পৰিমাণতকৈ ৩ কেজি চাউল কমাই দিয়াৰ অভিযোগ দিয়ে। এই বিষয়ত দুটা সুকীয়া তদন্ত কৰাৰ বিষয়ে জানিব পৰা গৈছে। ইফালে পৰিদৰ্শনকাৰী বিভাগৰ বিষয়াৰ দলে সুলভ মূল্যৰ দোকানত পালন হব লগীয়া নিয়ম যেনে চাইন বৰ্ড, মূল্য আৰু মজুতৰ ফলক, হিতাধিকাৰীৰ তালিকা, চৰকাৰী নিয়ম নীতিৰ প্ৰতিলিপি, দোকান খোলাৰ আৰু বন্ধৰ সময় আদি উল্লেখ নথকাৰ বাবে বিভাগৰ পৰা তদন্ত কৰি অনুশাসনমূলক ব্যৱস্থা লোৱা হব বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে যোৱা ৩১ মে’ৰ দিনা তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ পৌৰহিত্যত অনু্ঠিত সভাত জিলাৰখনৰ সকলো সুলভ মূল্যৰ দোকানীলৈ অনুৰোধ জনোৱা হৈছিল যে সামগ্ৰী উত্তোলন ৫ জুনলৈকে পৰ্যায়ক্ৰমে চলি থাকিলেও নিয়ন্ত্ৰিতভাৱে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক এবাৰতে তিনিমাহৰ চাউল বিতৰণ কৰিব। একে সভাতে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাৰখনৰ সুনাম নষ্ট হোৱা কামৰ পৰা বিৰত থাকি বিশেষ অন্ন সেৱা দিনত সামগ্ৰী বিতৰণত অৱহেলা নকৰি দৰিদ্ৰ জনতাক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত উৎসাহিত হবলৈ সকলো সুলভ মূল্যৰ দোকানীলৈ অনুৰোধ জনাইছিল যদিও এচাম সুলভ মূল্যত দোকানীয়ে নিজা মতেহে সামগ্ৰী বিতৰণত লাগে। আজিৰ পৰিদৰ্শন কালত সুলভ মূল্যৰ দোকানী ক্ৰমে গোবিন্দ বড়ো, ৰাজেন বড়ো, ভবেন্দ্ৰ নাৰ্জাৰী, চতিশ দৈমাৰী, মনেশ্বৰ স্বৰ্গীয়াৰী, ধাৰেশ্বৰ বড়োৰ সুলভ মূল্যৰ দোকানত বিসংগতি পোহৰলৈ আহে।

  • Related Posts

    • Crime
    • August 10, 2025
    • 6 views
    • 1 minute Read
    EGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender

    Telegram

    TelegramTweetEGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender Guwahati, August 10: An East Guwahati Police District (EGPD) team from Bhagaduttapur Out Post has successfully recovered a stolen Oppo A57 mobile…

    • Crime
    • August 9, 2025
    • 8 views
    • 1 minute Read
    EGPD Rescues Missing Minor Girl Within Hours

    Telegram

    TelegramTweetEGPD Rescues Missing Minor Girl Within Hours   In a swift and coordinated operation, a team from Basistha Police Station under East Guwahati Police District (EGPD) successfully rescued a missing…

    Leave a Reply

    Your email address will not be published. Required fields are marked *