তামুলপুৰত অনুশাসনমূলক ব্যৱস্থা আৰু কাৰ্যবিৱৰণী সম্পৰ্কীয় বৈঠক

Telegram

*তামুলপুৰত অনুশাসনমূলক ব্যৱস্থা আৰু কাৰ্যবিৱৰণী সম্পৰ্কীয় বৈঠক

 

*তামুলপুৰ, ৬ ডিচেম্বৰ, ২০২৪* : আজি তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চৰকাৰী চাকৰিয়ালৰ অনুশাসনমূলক ব্যৱস্থা আৰু কাৰ্যবিৱৰণী সন্দৰ্ভত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত এখনি সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ প্ৰাক্তন সচিব তথা অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া অতুল দত্ত ভূঞাই প্ৰেজেণ্টছনৰ জৰিয়তে চৰকাৰী চাকৰিয়ালৰ অনুশাসনমূলক বিভিন্ন বিষয়ৰ ওপৰত বিতং ব্যাখ্যা আগবঢ়ায়। বিশেষকৈ নিলম্বন, জৰিমনা বা শাস্তি, কাৰ্যপ্ৰণালী, অনুসন্ধান, বৰ্খাস্ত, লিখিত বিবৃতি, চহী আদি সন্দৰ্ভত তেখেতে উপস্থিত বিষয়াসকলক অৱগত কৰে। তেখেতৰ প্ৰেজেণ্টেছনৰ পাছত বিষয়াসকলৰ সৈতে তেখেতে এক বাৰ্তালাপতো মিলিত হয়, য’ত কেবাগৰাকী বিষয়াৰ কিছু প্ৰশ্নৰো তেওঁ উত্তৰ দিয়ে। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া অতুল দত্ত ভূঞাৰ পুত্ৰ ৰাজদ্বীপ দত্ত ভূঞাও আজিৰ বৈঠকত উপস্থিত আছিল।

  • Related Posts

    • Current
    • September 13, 2025
    • 5 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    • Current
    • September 13, 2025
    • 5 views
    • 1 minute Read
    গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

    Telegram

    TelegramTweetগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ   মিত্ৰতাৰ সন্দৰ্ভত APCC সভাপতি গৌৰৱ গগৈৰ উত্তৰৰ প্ৰতি কটাক্ষ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *