তামুলপুৰত অগপৰ সাংগঠনিক বৈঠক।

Telegram

তামুলপুৰত অগপৰ সাংগঠনিক বৈঠক।

 

বিটিআৰৰ দহ সমষ্টিত থাকিব অগপৰ প্ৰাৰ্থী।

 

তামুলপুৰ, ১ জুনঃ

 

তামুলপুৰ জিলাৰ অন্তৰ্গত লাউপাৰা জনকল্যাণ সংঘ ও পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অসম গণ পৰিষদ দলৰ এখন সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। গোৰেশ্বৰ বিধান সভাৰ অন্তৰ্গত তথা বিটিচিৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অধীনৰ লাউপাৰাত অনুষ্ঠিত সাংগঠনিক বৈঠক খনত আগন্তক বিটিচি পৰিষদীয় নিৰ্বাচন সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰা হয়। অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা বিটিআৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি ভূপেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিটিআৰ নিৰ্বাচনী সমিতিৰ আহ্বানয়ক পৰেশ বৈশ্যই। আজিৰ সভাত আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত অসম গণ পৰিষদ দলে বিটিচিৰ ১০ টা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি প্ৰকাশ কৰে। ইয়াৰ বাবে আজিৰ সভাই জিলাখনৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত দলটোৰ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিক লৈ এখন শক্তিশালী আহ্বায়ক সমিতি গঠন কৰি দিয়ে। সভাৰ শেষত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা বিটিআৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি ভূপেন ৰায় য়ে কয় যে– আমি অসম গণ পৰিষদ দলে বিটিআৰত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছো। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি নাগ্ৰীজুলি, মুদৈবাৰী, মথনগুৰী, থুৰিবাৰী, বাওফুংগুৰী, চালেকাটি, ধনশ্ৰী, পাচনৈ চেৰফাং, দিহিৰা আৰু শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনত প্ৰতিদন্দিতা কৰাটো নিশ্চিত কৰিছো যদিও পৰৱৰ্তী সময়ত সাংগঠনিক দিশৰ ওপৰত চাই চিতি আন আন সমষ্টি সমূহত সম্প্ৰসাৰণ কৰি প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাৰ কথাটো আলোচনা কৰিম। জুন মাহৰ শেষৰ ফালে আমি ভিচিডিচি আৰু বুথ সমিতি সমূহৰ মাজত সাংগঠনিক সভা অনুষ্ঠিত কৰি আমাৰ অগপ দলৰ প্ৰাৰ্থী সম্পৰ্কত সঠিক সিদ্ধান্তত উপনীত হম। আজিৰ এই সভাখনত অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা, কৰ্ণমোহন ৰায়, নৱ কলিতা, তামুলপুৰ জিলা অগপৰ সভাপতি ভৱেন ৰাজবংশী, গোৰেশ্বৰ বিধান পৰিষদৰ সাধাৰণ সম্পাদক সমৰ তালুকদাৰ, বিটিআৰৰ ৫খন জিলাৰ সভাপতি, সম্পাদক, বিটিআৰৰ প্ৰতিটো বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক সহ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে।

  • Related Posts

    উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️

    Telegram

    TelegramTweet🛑 উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️   এইবাৰ খিলঞ্জীয়াৰ মাটিৰ ৰক্ষাৰ বাবে কঠোৰ হুঁশিয়াৰী দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। চৰাইদেউত সাংবাদিকৰ কেমেৰাৰ সন্মুখত…

    গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নামাজ পঢ়ক” — দিলীপ শইকীয়াৰ কটাক্ষে ৰাজনীতি গৰম

    Telegram

    TelegramTweet🕌 “গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নামাজ পঢ়ক” — দিলীপ শইকীয়াৰ কটাক্ষে ৰাজনীতি গৰম   অসম ৰাজনীতিত পুনৰ উত্তাপ। আজি বাজপেয়ী ভৱনত অনুষ্ঠিত মহানগৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত, ৰাজ্যিক বিজেপি সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *