BTR NEWS

তামুলপুৰত অংগনবাদী কৰ্মী, সহায়িকা পদৰ নিযুক্তিৰ সাক্ষাৎকাত বৃহৎ কেলংকাৰী।

Telegram

তামুলপুৰত অংগনবাদী কৰ্মী, সহায়িকা পদৰ নিযুক্তিৰ সাক্ষাৎকাত বৃহৎ কেলংকাৰী।

 

৪ জানুৱাৰী:–

তামুলপুৰ সংহত শিশু প্ৰকল্পত কালিৰে পৰা জিলাখনৰ ৪২ টা অংগনবাদী কেন্দ্ৰৰ ৭৫ গৰাকী কৰ্মী আৰু ৭৮ গৰাকী সহায়িকা সহ সৰ্বমুঠ ১৫৩ টা পদৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ আছে । এই মৌখিক পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি জিলাখনৰ ২ নম্বৰ হৰিণচ’ৰা গাঁওৰ অংগনবাদী কেন্দ্ৰত দুগৰাকী প্ৰাৰ্থীৰ বিপৰীতে কেবল মাত্ৰ এগৰাকী প্ৰাৰ্থীৰ নামহে সাক্ষাৎকাৰ তালিকাত আছে ।

 

উক্ত অংগনবাদী কেন্দ্ৰটোত অংগনবাদী কৰ্মী পদত ধৃতিৰাণী মণ্ডল আৰু উপমা দাস নামৰ দুগৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল । আজি অনুষ্ঠিত হোৱা সাক্ষাৎকাৰ দিবলৈ আহি ধৃতিৰাণী মণ্ডলে আচৰিত হৈ পৰে ।তামুলপুৰ সংহত শিশু প্ৰকল্পৰ বাহিৰত লগাই থোৱা তালিকাত দুয়োগৰাকী প্ৰাৰ্থীৰ নাম আছে যদিও ভিতৰত সাক্ষাৎকাৰ লৈ থকা তালিকাত কেবল মাত্ৰ আনগৰাকী প্ৰাৰ্থী উপমা দাসৰহে নাম আছে, ধৃতিৰাণী মণ্ডলৰ নামটো নহোৱাত বিমোৰত পৰি স্থানীয় যুৱক কেইজনক কথাটো জনোৱাত অঞ্চলটোৰ কেইবাজনো যুৱক আহি প্ৰকল্পৰটোত উপস্থিত হয় আৰু আচল কথাটোৰ বুজলয়। পিছত যুবক সকলে জানিবলৈ দিয়ে যে সাক্ষাৎকাৰ প্ৰাৰ্থীৰ তালিকা দুখন। এখন দেখোৱাৰ বাবে বাহিৰত এখন আৰু ভিতৰত আন এখন ।

 

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পত অংগনাবাড়ী কৰ্মী আৰু সহায়িকাৰ সাক্ষাৎকাৰত চৰম দুৰ্নীতিৰ অভিযোগ অনুসৰি উপমা দাস বিটিআৰৰ সমাজকল্যাণ বিভাগৰ ই এম গৌতম দাসৰ ঘণিষ্ঠ হোৱা বাবে বিনা দিধাই ধৃতিৰাণী মণ্ডলৰ নাম সাক্ষাৎকাৰ লোৱা তালিকাৰ পৰা কাতি দিছে । আনহাতে জিলাখনৰ দোৱামখা গাঁওত দুই ঠাইত ভোটাৰ তালিকাত নাম উঠাই এগৰাকী মহিলাই আবেদন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ইপিনে জিলাখনৰ ৪২ টা অংগনাবাড়ী কেন্দ্ৰত খালীহোৱা ১৫৩ টা পদৰ বিজ্ঞাপন কোনোএখন বাতৰি কাকতত প্ৰকাশ কৰাৰ বিপৰীতে নিজৰ কাৰ্যালয়তে বিজ্ঞাপনৰ ফলক আৰি দায়িত্ব সামৰিছে বিভাগে। আনহাতে দুটা ৰাজনৈতিক দলৰ একাংশক নেতাক নিযুক্তি বোৰ্ডত ৰখাৰো অভিযোগত সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাক্ষাৎকাৰ নিকা হোৱাৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সাক্ষাৎকাৰৰ পৰা বঞ্চিত প্ৰাৰ্থী গৰাকীয়ে ।

Exit mobile version