তামুলপুুৰত গৰু চোৰৰ দৌৰাত্ম্য ৷ নিশা গোহালিৰ পৰা লৈ গ’ল গাই গৰু। 

  • Current
  • December 19, 2024
  • 0 Comments
Telegram

তামুলপুুৰত গৰু চোৰৰ দৌৰাত্ম্য ৷

নিশা গোহালিৰ পৰা লৈ গ’ল গাই গৰু। 

 

তামুলপুৰ ১৯ ডিচেম্বৰ

 

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। ফলত সৰ্বস্বান্ত হৈছে দুখীয়া গো পালক সকল ৷ আজি কিছুদিন ধৰি তামুলপুৰ জিলাৰ কেবা ঠাইতো গৰু চোৰৰ তাণ্ডব চলি থকাৰ সমান্তৰালভাৱে ভিতৰুৱা গাঁও সমূহত ছাগলী চোৰৰ উৎপাত দিনক দিনে বাঢ়ি যোৱাত একাংশ দুখীয়া লোক সমস্যাত পৰিছে ৷ এসপ্তাহ পূৰ্বে কুমাৰীকাটাত গোহালিৰ পৰা গৰু চোৰ কৰি নিয়াৰ ঘটনা মাৰ নৌযাওঁতেই নিশা গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ গান্ধীবাৰীৰ শিমলাবাৰী চুবুৰীৰ গনেশ কাকতিৰ গোহালীৰ পৰা দুটাকৈ গাভীন উন্নত প্ৰজাতিৰ গাইগৰু চোৰে চুৰি কি লৈ যায় ৷ জানিব পৰা মতে গৰু চোৰৰ দলে চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি গৰু চুৰি কৰিছে ৷ নিশা এক বজাত উক্ত চুৰিকাণ্ড সংঘটিত হয়। গৃহস্থৰ গৰুৰ শব্দত শোৱাপাটীৰ পৰা উঠি আহি ৰাস্তাত চোৰে গাড়ীত ভৰাই নিয়া প্ৰত্যক্ষ কৰে যদিওঁ অকলশৰীয়া গৃহস্থ ই চোৰক ভেটা দিবলৈ সাহস নকৰিলে ৷ ইতিমধ্যে নিশা আৰক্ষীয়ে নিয়মীয়া তহল দি থকা সময়তে চোৰৰ গাড়ী খনলৈ লক্ষ্য কৰি খেদা দিছিল যদিওঁ গৰু চোৰৰ দলটো বাহনৰে সৈতে পলায়ন কৰিবলৈ সক্ষম হয় ৷ চুৰি হোৱা গাইগৰু দুটাৰ বজাৰ মূল্য প্ৰায় এক লাখ হব । এনেদৰে গৰুৰ গোহালীৰ পৰা গৰু চুৰিৰ ঘটনা সংঘটিত হোৱাত পৰিয়াল সমূহ ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ তামুলপুৰত গৰু চোৰৰ উৎপাত বন্ধ কৰিবলৈ তামুলপশৰ জিলা আৰক্ষী প্ৰশাসনক দাবী জনাইছে সচেতন কৃষক ৰাইজ তথা দল সংগঠনে৷

  • Related Posts

    • Current
    • September 18, 2025
    • 4 views
    • 1 minute Read
    ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

    Telegram

    TelegramTweet২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  আমি কোকৰাঝাৰত দিয়া টকা কত গৈছে বিটিআৰ ৰাইজে নাজানে। বিটিৰাত এন্দুৰ, নেগুনি থকাৰ বাবে বিটিআৰত উন্নয়ন…

    • Current
    • September 17, 2025
    • 13 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *