তামলপুৰৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা ৷
তামুলপুৰঃ১৩ জুলাই
তামুলপুৰ থানাৰ কুমাৰীকাটাৰ তিনিআলিত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ কুমাৰীকাটাৰ মাজেৰে যোৱা ৰঙিয়া -ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিত ভূটানৰ পৰা জিপচাম কঢ়িয়াই অনা ইউ পি ৫৩-জেটি ৰ-০১০৬ নম্বৰৰ দহচকীয়া ট্ৰাকে এছ ০১-এ এল -৬৪৭৩ নম্বৰৰ টাটা চাফাৰী গাড়ী এখনক খুন্দিয়াই চোচৰাই লৈ যায় ৷ যাৰফলত চালকজন এঘণ্টামান সময় ধৰি গাড়ীখনৰ ভিতৰত আৱদ্ধ হৈ থাকে। স্থানীয় লোকৰ সহায়ত আৰক্ষী প্ৰশাসনে যথেষ্ট তৎপৰতাৰে চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা চালক জন কুমাৰীকাটাৰ কালিপুৰৰ ঈদুল হ’ক ৷ ইপিনে নিশাই চালক গৰাকীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷ আনহাতে দুৰ্ঘটনা স’ঘটিত কৰিয়েই ট্ৰেইলাৰৰ চালকৰ পলায়ন ।