তাওৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ংকৰ ভূমিস্খলন
তাওৱাং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভয়ংকৰ ভূমিস্খলনে যাত্ৰীৰ লগতে স্থানীয় লোকসকলক ব্যাপক আতঙ্কত পেলাইছে। পৰ্বতৰ ডাঙৰ ডাঙৰ পাথৰ আৰু মাটি একেবাৰে ৰাস্তাৰ মাজলৈ গড়ি পৰাৰ ফলত বহু সময়লৈ যাতায়াত সম্পূৰ্ণ বন্ধ হৈ পৰে।
প্ৰত্যক্ষদৰ্শীৰ মতে, এক মুহূৰ্ততে সড়কৰ ওপৰত ডাঙৰ ডাঙৰ পাথৰ গড়ি পৰাৰ দৃশ্যই লোকসকলক স্তম্ভিত কৰি তোলে। ভাগ্যক্ৰমে এই ভয়ংকৰ ঘটনাত কোনো প্রাণহানি হোৱা নাই। যদিও ৰাস্তাত আটকা পৰি বহু গাড়ীৰ যাত্ৰী ঘণ্টাৰ পিছত উদ্ধাৰ কৰিবলগীয়া হৈছিল।
প্ৰশাসনে ইতিমধ্যে যান্ত্ৰিক উপকৰণৰ সহায়ত ভূমিস্খলনৰ ধ্বংসাৱশেষ অপসাৰণৰ কাম আৰম্ভ কৰিছে। তাওৱাং অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথত সদায়েই ভূমিস্খলনৰ ভয় বিদ্যমান থাকে আৰু বৰষুণৰ সময়ত বিশেষকৈ অধিক বিপজ্জনক ৰূপ লয়।
এই দৃশ্যই প্ৰমাণ কৰিছে যে তাওৱাং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত কৰোঁতা সকলকে সদায় সতৰ্ক হৈ চলিব লাগিব। স্থানীয় প্রশাসনে নাগৰিকক সাৱধানবাণী জাৰি কৰি অতি প্ৰয়োজনীয় নহ’লে এই সময়ত পথযাত্ৰা এৰাই চলিবলৈ আহ্বান জনাইছে।