
ঝুমুইৰ নৃত্যৰে অভিলেখ গঢ়িব অসম চৰকাৰ
বিশেষকৈ, বোকাখাতত আয়োজিত এই বিশেষ কাৰ্যসূচীত অংশ ল’ব ঝুমুইৰ নৃত্যশিল্পীৰ এক বৃহৎ দল। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মাদল বজাই, ঝুমুইৰ নৃত্যত মাত লগাব অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে স্থানীয় শিল্পীৰ সৈতে নৃত্য কৰি সংস্কৃতিৰ প্ৰসাৰ ঘটাব।
স্থানীয় ৰাইজৰ লগতে অসমৰ সাংস্কৃতিক মহল এই উদ্যোগক আদৰণি জনাইছে।