জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ জিলা প্ৰতিষ্ঠা দিৱস পালন।
তামুলপুৰ
তামুলপুৰ জিলা প্ৰশাসনে আজি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তৃতীয় সংখ্যক তামুলপুৰ জিলা প্ৰতিষ্ঠা দিৱস পালন কৰে। উল্লেখ্য যে বিগত ২০২২ চনৰ ২৩ জানুৱাৰীত তামুলপুৰ জিলা গঠন হৈছিল। আদৰণী ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলা প্ৰতিষ্ঠা দিৱস সন্দৰ্ভত আজিৰ চাৰিটা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি নৱগঠিত জিলাখনৰ প্ৰচুৰ সম্ভাৱনা সন্দৰ্ভতো নিজৰ মত ব্যক্ত কৰে। জিলা প্ৰতিষ্ঠা দিৱস সম্পৰ্কে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ভিডিঅ’ আৰু অডিঅ’যোগে শুভেচ্ছা জনায়। সভাত উপস্থিত থকা তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে নতুন জিলাখন সন্দৰ্ভত কিছু অনুভৱ ব্যক্ত কৰাৰ লগতে উল্লেখ কৰে, “অহা বৰ্ষত আমি আমাৰ জিলা প্ৰতিষ্ঠা দিৱস এনেকৈ সভাকক্ষত নাপাতি মুকলি ফিল্ডত আড়ম্বৰপূৰ্ণভাৱে পাতিম। তাৰ বাবে মোৰ ফালৰ পৰা মই এক লাখ টকা দিম।” সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে জিলা গঠনৰ উপৰি ভূমি সমস্যা সন্দৰ্ভতো নিজৰ বক্তব্য ৰাখে। মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভাই নিজৰ ভাষণত জিলা গঠন, ড্ৰাগছৰ ভয়াৱহতা, স্কুলত শিক্ষকৰ উপস্থিতি আদিৰ বিষয়ে উল্লেখ কৰে। উপস্থিত বিষয়াসকলৰ ভিতৰত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক হিৰণ্য দেৱীয়েও নিজৰ অভিজ্ঞতা ব্যাখ্যা কৰে। আজিৰ সভাতে এন আৰ এলে আগবঢ়োৱা তিনিখন জাবৰ কঢ়িওৱা ভেন তামুলপুৰ পৌৰ নিগম আৰু গোৰেশ্বৰ পৌৰ নিগমৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰে। অতিৰিক্ত আয়ুক্ত লখিমী দত্তই আঁত ধৰা আজিৰ সভাত স্থানীয় বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, অতিৰিক্ত আয়ুক্ত তথা সহকাৰী আয়ুক্তসকল, সেনা তথা আৰক্ষী, পৌৰসভাৰ বিষয়ববীয়া আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল। উল্লেখ্য যে জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ছাত্ৰ-ছাত্ৰীসকলক লৈ আৰ্মী কেম্প পৰিদৰ্শন, চৰকাৰী কাৰ্যালয়বোৰত চাফাই অভিযান তথা বৃক্ষৰোপণ আৰু সমগ্র জিলাৰ ৭০ হাজাৰতকৈও অধিক আত্মসহায়ক গোটৰ মহিলাই ড্ৰাগছৰ বিৰুদ্ধে পণ লয়।