
ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ উদ্ধাৰ অভিযান।
ছিৰিয়াৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজত ভাৰত চৰকাৰে ৭৫ গৰাকী ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ছিৰিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক প্রথমে লেবাননৰ ৰাজধানী বেইৰুটলৈ সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে। তাৰ পাছত লেবাননৰ পৰা বাণিজ্যিক বিমানৰ জৰিয়তে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।
এই উদ্ধাৰ অভিযানৰ প্ৰক্ৰিয়াত দামাস্কাছত থকা ভাৰতীয় দূতাবাস আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসে সমন্বয় সাধন কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পৰিস্থিতিৰ গুৰুত্ব বুজি ভাৰত চৰকাৰে সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতি দি প্ৰবাসী ভাৰতীয়সকলক দেশলৈ ঘূৰাই আনিবলৈ বদ্ধ পৰিকৰ হৈছে।
অঞ্চলটোত চলি থকা সংঘাত আৰু অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ছিৰিয়াৰ পৰা উদ্ধাৰৰ এই পদক্ষেপ ভাৰতীয় চৰকাৰৰ পৰা চেতনা আৰু দায়িত্বশীলতাৰ উল্লেখযোগ্য উদাহৰণ হিচাপে গণ্য হৈছে।
এই ধৰণৰ পদক্ষেপে প্ৰমাণ কৰে যে বিশ্বৰ য’তেই ভাৰতীয়সকল থকাকৈক, ভাৰত চৰকাৰে সৰ্বদা তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি সদা সজাগ।