ছিপাঝাৰৰ ৰাজনীতিত নতুন মোড়!
বিজেপি দল ত্যাগ কৰাৰ ঘোষণা কৰিলে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই।
দলীয় কাৰ্যপদ্ধতি আৰু শীৰ্ষ নেতৃত্বৰ নীতিৰে অসন্তুষ্ট হৈ শেষ পৰ্যন্ত বিজেপিৰ সৈতে পথ আলাদা কৰিলে তেওঁ।
বিশ্বস্ত সূত্ৰৰ মতে, অচিৰেই কংগ্ৰেছ দলত যোগদান কৰিব বিনন্দ শইকীয়া। কংগ্ৰেছৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগত থকা শইকীয়াই শীঘ্ৰেই আনুষ্ঠানিকভাৱে দলত যোগদানৰ সময় ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।
ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই বিজেপি দল ত্যাগ কৰাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত ৰাজনৈতিক তৰংগ সৃষ্টি হৈছে। আগন্তুক দিনত এই পদক্ষেপে বিটিআৰ তথা ৰাজ্যিক ৰাজনীতিত এক নতুন সমীকৰণৰ জন্ম দিব বুলি ৰাইজৰ মনত আলোচনা চলি আছে।
👉 বিজেপিৰ পৰা পদত্যাগ
👉 অচিৰেই কংগ্ৰেছত যোগদান
👉 ছিপাঝাৰৰ ৰাজনীতিত সলনি হ’ব পাৰে পৰিস্থিতি