BTR NEWS

চৰকাৰলৈ বাট নাচাই ৰাইজে শ্ৰমদান কৰি পথ মেৰামতিত ব্যস্ত

Telegram

 

চৰকাৰলৈ বাট নাচাই ৰাইজে শ্ৰমদান কৰি পথ মেৰামতিত ব্যস্ত

 

তামুলপুৰ জিলাৰ উত্তৰ গান্ধীবাৰীৰ ডোঙপাৰ চুবুৰী, বড়ো চুপা আৰু ধনপাৰা চুপাৰ বিদ্ধস্ত পথ মেৰামতিত ব্যস্ত গঞা

 

চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পিছতো কোনোধৰণৰ ফল নধৰাৰ অভিযোগ ৰাইজৰ

 

ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য কৰি সহায়ৰ বাবে ওলাই আহিল স্থানীয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব

 

তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী জ্যোতিষ গায়নৰ সহযোগত তথা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতৃত্বই সহযোগ কৰে অঞ্চলবাসীক

 

যুৱ সমাজকৰ্মী জ্যোতিষ গায়নে যোগান ধৰিলে কেইবাট্ৰেক্টৰ শিল-বালি।

 

এইদৰে গঞাই আজি শ্ৰমদান কৰি পথ মেৰামতিত ব্যস্ত হৈ পৰিছে।

 

উক্ত পথচোৱা নিৰ্মাণ কৰি চৰকাৰক অতিশীঘ্ৰে স্থায়ী সমাধান কৰাৰ বাবে গাঁওবাসীয়ে দাবী উত্থাপন কৰিছে।

Exit mobile version