BTR NEWS

চিদু-কানু সোঁৱৰণী ফুটবল প্ৰতিযোগীতা ওদালগুৰি ডাইমণ্ড ক্লাৱ বিজয়ী

Telegram

চিদু-কানু সোঁৱৰণী ফুটবল প্ৰতিযোগীতা

 

ওদালগুৰি ডাইমণ্ড ক্লাৱ বিজয়ী

 

 

ৰমেন দাস,তামুলপুৰ,২৫ জুন- তামুলপুৰ জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন লাউপাৰা ৰানাজট ক্লাৱৰ উদ্যোগত অনুস্থিত চাওঁতাল বীৰ শ্বহীদ চিদু-কানু সোঁৱৰণী ফুটবল প্ৰতিযোগীতা খনিৰ আজি অনুস্থিত চূড়ান্ত খেলত ওদালগুৰি ডাইমণ্ড ক্লাৱে বিজয়ী হয় ৷ তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেল খনত ওদালগুৰি ডাইমণ্ড ক্লাৱে লাউপাৰা ৰানাজট ক্লাৱক ১-০ গলত পৰাজিত কৰি চূড়ান্ত

বিজয়ীৰ খিতাপ লাভ কৰে ৷ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য উইলিয়াম টুডুয়ে উদ্ধোধন কৰা চূড়ান্ত খেলখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বড়োলেণ্ড সাংবাদিৰ সংস্থাৰ সাধাৰন সম্পাদক ৰমেন দাস,বিশিষ্ট সমাজ কৰ্মী পৰমেশ্বৰ বাস্কে , এচু উপ-সভাপতি ষ্টেফান মূৰ্মু, চাওতাল ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সুৰেন মাৰ্ডী,ষ্টেফান হোম্বৰম৷

আছু নেতা হীৰকজ্যোতি মেধী,লাউপাৰা ৰানাজট ক্লাৱৰ সভাপতি অজয় টুডু, সম্পাদক মনেশ্বৰ মাৰ্ডী ৷ পাঁচ সহস্ৰাধীক দৰ্শক উপস্থিত থকা চূড়ান্ত খেলখন পৰিচালনা কৰে ৰাজকুমাৰ ৰয়,চবিন টুডু আৰু ৰবিনাথ বাস্কে ৷ প্ৰতিযোগীতা খনিত তামুলপুৰ,ওদালগুৰি, আৰু বাগসা জিলাৰ ২২ দলে অংশ গ্ৰহন কৰে ৷

Exit mobile version