
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত তামুলপুৰত উত্তাল প্ৰতিবাদ
তামুলপুৰ:
তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্ত সংলগ্ন মেনকা চাহ বাগিচাত আজি পুৱাৰে পৰা উত্তাল হৈ পৰে চাহ শ্ৰমিকৰ বিৰোধী প্ৰতিবাদ। মূলতঃ মজুৰি বৃদ্ধি আৰু আন কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাগিচাখনৰে শ্ৰমিক সকলোৱে।
শ্ৰমিক সকলে “অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায়, আমাৰ মজুৰি বৃদ্ধি কৰক, আমাক জনজাতি স্বীকৃতি দিয়ক” আদি শ্লোগানেৰে অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদৰ অন্ততঃ শ্ৰমিকে সকলে বাগিচাৰ পৰিচালকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, শ্ৰম মন্ত্ৰী আৰু অসম চাহ মজদুৰ সংঘলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।
এই দাবীবোৰত মজুৰি বৃদ্ধিৰ উপৰিও স্থায়ী কৰ্মচাৰী হিচাপে স্বীকৃতি, সামাজিক সুৰক্ষা সুবিধা, স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰৰ উন্নয়ন আদি অন্তৰ্ভুক্ত আছিল।
স্থানীয় শ্ৰমিক নেতাসকলে চৰকাৰক সতর্ক কৰি কয় — যদি শীঘ্ৰে দাবীবোৰ বিবেচনা নকৰা হয়, তেন্তে বৃহত্তৰ আন্দোলনৰ পথ বাচি ল’ব।
👉 এই ঘটনাই তামুলপুৰ অঞ্চলত শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওপৰত পুনৰ আলোচনাৰ সৃষ্টিৰে সৈতে ৰাজ্য চৰকাৰৰ দৃষ্টিও আকৰ্ষণ কৰিছে।