BTR NEWS

চন্দন ব্ৰহ্ম পাৱাৰ লোভি মানুহ- হাগ্ৰামা মহিলাৰী।

Telegram

আজি ছিদলী উপ-নিৰ্বাচনৰ বাবে সমষ্টিটোত বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ নেতা হাগ্ৰামা মহিলাৰীয়ে এক ৰাজনৈতিক অনুষ্ঠানত চন্দন ব্ৰহ্মক “শক্তিৰ লোভী” বুলি অভিহিত কৰে আৰু লগতে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুৰব্বী প্ৰমোদ বড়োক “মূৰ্খ” বুলি উল্লেখ কৰি বিতৰ্কিত মন্তব্য কৰে। কিয়নো শেহতীয়াকৈ চন্দন ব্ৰহ্মই বিপিএফ এৰি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ত যোগদান কৰিছিল । উপ-নিৰ্বাচনত ছিদলী সমষ্টিত ইউপিপিএল দলৰ পৰা চন্দন ব্ৰহ্ম টিকট নোপোৱাক কেন্দ্ৰ কৰি হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম উদ্দেশ্য কয় যে আগতেই জানো ইউপিপিএলে টিকট নিদিয়ে বুলি সেয়ে মই চন্দন ব্ৰহ্মক মাতি পথাইছিলো যে ছিদলী সমষ্টিত বিপিএফৰ নিৰ্বাচন খেলিব পাৰিব বুলি। কিন্তু নাহিল থাকক তাতে আৰু আহিলেও নলোও । ছিদলী আমি জিকি আছোঁ, ছিদলীত মুক্ত ভাৱে নিৰ্বাচন হলে প্ৰমোদ বড়ো ১০০% হাৰিব । কেতিয়াবা কেতিয়াবা প্ৰমোদ বড়ো আৰক্ষী লগাই আমাৰ কৰ্মী সকলৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে। আমাৰ নিৰ্বাচন ভাল দৰে চলি আছে। প্ৰমোদ বড়ো ঘৰে ঘৰে চাকৰি দিয়াটো সম্ভৱ নেকি? কত ঘৰে ঘৰে চাকৰি দিলে প্ৰমোদ বড়োৱে। চন্দন ব্ৰহ্ম ইউপিপিএলত জাপাই বুলি সদুৰি কৰে হাগ্ৰামা মহিলাৰীয়ে।

Exit mobile version