BTR NEWS

গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

Telegram

গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

 

মিত্ৰতাৰ সন্দৰ্ভত APCC সভাপতি গৌৰৱ গগৈৰ উত্তৰৰ প্ৰতি কটাক্ষ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

 

অখিল গগৈৰ ভাষ্য —

👉 “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়। অসমীয়া মানুহে সোজা কথা কয়, টেংৰামি নকৰে।”

 

তিতাবৰত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে প্ৰশ্ন তোলে —

👉 “কাৰ ভয়ত গৌৰৱ গগৈয়ে মিত্ৰতাৰ কথা স্পষ্টকৈ ক’ব নোৱাৰে? কিয় Diplomatic উত্তৰ দিয়ে?”

 

ইয়াৰে লগতে তেওঁ জনায় যে মিত্ৰতাৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ সময় আহি পৰিছে।

 

উক্ত যোগদান কাৰ্যসূচীত কংগ্ৰেছ, বিজেপি আৰু ছাত্ৰ সমাজৰ প্ৰায় ২০০ গৰাকী ব্যক্তি ৰাইজৰ দলে যোগদান কৰে।

Exit mobile version