গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰমোদ বড়ো— “কমিছন কালচাৰ বি.পি.এফৰ শাসনত আছিল, এতিয়া শেষ হৈছে”

Telegram

 

গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰমোদ বড়ো— “কমিছন কালচাৰ বি.পি.এফৰ শাসনত আছিল, এতিয়া শেষ হৈছে”

 

তামুলপুৰ জিলাত আয়োজিত এটা ৰাজনৈতিক যোগদান অনুষ্ঠানত বিটিচি (BTC) প্ৰধান প্ৰমোদ বড়োৱে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি তীব্ৰ আক্রমণ কৰে।

 

গৌৰৱ গগৈৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে মন্তব্য কৰে—

“গৌৰৱ গগৈয়ে অতীতত কমিছন দি পাইছিল কিজানি। সেই কমিছন দিয়া কালচাৰ বি.পি.এফ (BPF)-ৰ ১৭ বছৰীয়া শাসনত আছিল। কিন্তু এতিয়া সেই কমিছন কালচাৰ শেষ হৈছে। তেওঁ আজি যি বুলি আছে, সেইটো আগতে যি পৰিৱেশত আছিল, তাৰ পৰা শিকি লোৱা।”

 

প্ৰমোদ বড়োৱে লগতে কয় যে বি.পি.এফ শাসনৰ সময়ত দুৰ্নীতি আৰু অনিয়ম বিটিচিৰ এক প্ৰচলিত সংস্কৃতি হৈছিল। কিন্তু বিজেপি নেতৃত্বাধীন বিটিআৰ চৰকাৰ গঠনৰ পাছত সেই কালচাৰ সম্পূৰ্ণৰূপে অন্ত হৈছিল।

 

বিটিচি প্ৰধানই লগতে জোৰ দি কয়—

“জনগণৰ টকা মাত্ৰ উন্নয়নমূলক কামত ব্যয় হ’ব লাগিব। চৰকাৰৰ প্রতিটো পইচা জনগণৰ হিতত ব্যৱহাৰ হ’ব।”

 

 

  • Related Posts

    নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

    Telegram

    TelegramTweetনাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।   স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।   ৯ ছেপ্টেম্বৰ-   বিটিচি…

    মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়—

    Telegram

    TelegramTweetমৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়— 🔹”মই জীয়াই থকালৈ মৰিয়নিৰ MLA মই।”   তেওঁ আরও কয়— 🔹”মই নিজে খেতি কৰিছো,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *