গোৱালপাৰা জিলাত দুধনৈত পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ আৰু হস্তশিল্পৰ মেলা

  • Current
  • December 9, 2024
  • 0 Comments
Telegram

গোৱালপাৰা জিলাত দুধনৈত পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ আৰু হস্তশিল্পৰ মেলা

 

গোৱালপাৰা জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত দুধনৈত আয়োজিত হৈছে এক অনন্য পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ আৰু হস্তশিল্প প্ৰদৰ্শনী আৰু বিক্ৰী মেলা। এই মেলা ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ সৌজন্যত ৯ দিনীয়াকৈ আয়োজন কৰা হৈছে।

 

প্ৰদৰ্শনী আৰু মেলাৰ শুভাৰম্ভণি কৰে ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। মেলাখনত অঞ্চলটোৰ বিভিন্ন পৰম্পৰাগত হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী প্ৰদৰ্শিত হৈছে। মেলাই নৱপ্ৰজন্মৰ মাজত পৰম্পৰাগত কলা আৰু বস্ত্ৰ শিল্পৰ প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।

 

এই মেলাই অঞ্চলটোৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক মঞ্চত প্ৰচাৰ কৰিবলৈ এক মঞ্চত পৰিণত হৈছে। স্থানীয় শিল্পীসকলৰ লগতে হস্ততাঁত শিল্পত কৰ্মৰত মহিলাসকলৰ বাবে মেলাখনে আত্মনির্ভৰশীলতাৰ দিশে অগ্ৰসৰ হ’বলৈ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে।

 

এই ধৰণৰ প্ৰচেষ্টাই অসমৰ পৰম্পৰাগত শিল্প সংস্কৃতিৰ বিকাশ আৰু সমৃদ্ধি ঘটাব বুলি আশা কৰা হৈছে।

 

  • Related Posts

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *