গোৱালপাৰাৰ চটিপাৰাত অনুষ্ঠিত গাৰো জনগোষ্ঠীয় ‘ৱাংগালা মহোৎসৱ’ৰ সফল সমাপ্তি

  • Current
  • December 7, 2024
  • 0 Comments
Telegram

গোৱালপাৰাৰ চটিপাৰাত অনুষ্ঠিত গাৰো জনগোষ্ঠীয় ‘ৱাংগালা মহোৎসৱ’ৰ সফল সমাপ্তি

 

গোৱালপাৰা জিলাৰ চটিপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে গাৰো জনগোষ্ঠীৰ ‘ৱাংগালা মহোৎসৱ’। গাৰো ছাত্ৰ সন্থা (অসম মণ্ডল) আৰু গাৰো সাংস্কৃতিক সংঘৰ উদ্যোগত আয়োজিত এই উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

 

উৎসৱৰ মূল আকর্ষণ আছিল গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত। অসমৰ বিভিন্ন অঞ্চলৰ লগতে মেঘালয়ৰ পৰাও বহুসংখ্যক নৃত্য দল অংশগ্ৰহণ কৰে, যি উৎসৱক অধিক বর্ণময় কৰি তোলে।

 

প্ৰতি বছৰৰ দৰে, এইবাৰো ‘ৱাংগালা মহোৎসৱ’ৰ আয়োজনৰ মূল উদ্দেশ্য আছিল গাৰো জনগোষ্ঠীৰ পৰম্পৰা আৰু সংস্কৃতি নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰা। গাৰো জনগোষ্ঠীৰ লোক জীৱন, ঐতিহ্য, আৰু সংস্কৃতিৰ সমৃদ্ধ পৰম্পৰা এই উৎসৱৰ জৰিয়তে সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰা হৈছে।

 

এইবাৰো উৎসৱৰ সফলতাই দেখুৱাইছে গাৰো জনগোষ্ঠীৰ ঐক্য আৰু সাংস্কৃতিক গৌৰৱ।

 

  • Related Posts

    • Current
    • September 12, 2025
    • 3 views
    • 1 minute Read
    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

    Telegram

    TelegramTweetডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

    • Current
    • September 12, 2025
    • 5 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *