গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদ্যাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ ।
অমৃতকালৰ বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱায়িত কৰাত যুৱচামে নেতৃত্ব দিব লাগিব: মুখ্যমন্ত্রী
*তথ্য-প্রযুক্তিৰ সৈতে শিক্ষার্থীসকল সুপৰিচিত হ’লেহে শিক্ষানুষ্ঠানত আহৰণ কৰা জ্ঞান
*কর্মক্ষেত্রত প্রাসংগিক হৈ থাকিব: মুখ্যমন্ত্রী
*গুৰু-শিষ্যৰ মহামিলনৰ কেন্দ্ৰস্থল একোখন শিক্ষানুষ্ঠানে এখন সুস্থ সমাজ গড়ে: মুখ্যমন্ত্রী
*’ছফট্ লার্নিং’ পাঠ্যক্রমত মনোনিবেশ কৰিবলৈ শিক্ষার্থীসমাজক মুখ্যমন্ত্ৰীৰ আহ্বান
*গোৰেশ্বৰ মহাবিদ্যালয়ত চৰকাৰীভাবে বিজ্ঞান শাখা মুকলিৰ বাবে অনুমতি জনোৱা হ’ব
*শীঘ্ৰে গোৰেশ্বৰত এখন উৰণ সেতু নির্মাণৰ যাৱতীয় পদক্ষেপ লোৱা হ’ব
*মহৰীপাযা চুক – বগামাটি পথ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ অনুমোদন
*গুৰমৌত বাথৌ মন্দিৰ উদ্বোধনৰ মাংগলিক অনুষ্ঠানত অংশগ্রহণ মুখ্যমন্ত্ৰীৰ
দিছপুৰ, ৮ জুলাইঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদ্যাপনৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষার্থীসকলক অত্যাধুনিক তথ্য প্রযুক্তিৰ জ্ঞান আহৰণেৰে অমৃতকালৰ সুযোগ্য সন্তান হিচাপে নিজকে গঢ়িবলৈ আহ্বান জনায়।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° শৰৎ চন্দ্র পাটোৱাৰীৰ লগতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ প্রতি শ্রদ্ধা নিবেদন কবে। তেওঁ লগতে মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষকে ধৰি পাঁচ দশকৰ দীঘলীয়া সময়ছোৱাত শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত হোৱা প্ৰতিগৰাকী অধ্যাপক-অধ্যাপিকা, বৰ্তমানৰ আৰু প্রাক্তন ছাত্র-ছাত্রী, কর্মৰ্মচাৰীৰ লগতে গোৰেশ্বৰবাসীক অভিনন্দন জনায়। মুখ্যমন্ত্রীয়ে কয় যে ৫ দশক পূর্বে উচ্চশিক্ষাৰ পোহৰৰে
অঞ্চলটোৰ বিদ্যানুৰাগীসকলে চলোৱা আশাশুধীয়া প্ৰচেষ্টাৰ ফলত ১৯৭৪ চনৰ ২৯ আগষ্ট তাৰিখে প্রতি হোৱা গোৰেশ্বৰ মহাবিদ্যালয়ে ১৯৮৫ চনত চৰকাৰৰ অনুমোদন লাভ কৰে তথা ২০০৫ চনত মহাবিদ্যালয়খন প্রাদেশিকীকৰণ কৰা হয়। তেওঁ মন্তব্য কৰে যে সম্প্রতি এখন পূর্ণাংগ পৰ্যায়ৰ মহাবিদ্যালয়ৰ ৰূপত এই শিক্ষানুষ্ঠানখন সমগ্র বড়োলেও অঞ্চলৰ এখন অগ্রণী শিক্ষানুষ্ঠান হিচাপে উজলি উঠিছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত গোৰেশ্বৰ মহাবিদ্যালয়ে বিগত সময়ছোৱাত উৎকৃষ্ট মানব সম্পদ সৃষ্টিৰ কমাৰশাল হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দীর্ঘ পৰিক্ৰমাত বহু গুণী-জ্ঞানী শিক্ষাগুৰুরে জ্ঞান আৰু প্রজ্ঞাৰে মহাবিদ্যালয়খনক নতুন পোহৰেৰে জিলিকাই আহিছে। মহাবিদ্যালয়খনৰ বহুকেইগৰাকী প্রাক্তন শিক্ষার্থীয়ে অসম মাতৃৰ গৌৰৱ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র বিশ্বজিৎ দৈমাৰীয়ে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ পদ অলংকৃত কৰিছে। তদুপৰি, মহাবিদ্যালয়খনৰ বহুকেইগৰাকী প্রাক্তন শিক্ষার্থীয়ে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত শিক্ষকতাৰ সন্মানীয় বৃত্তিত জড়িত হোৱাৰ লগতে অসমৰ কলা-সংস্কৃতিকে ধৰি ন্যায়িক আৰু প্রশাসনিক ক্ষেত্ৰলৈও বৰঙণি যোগাইছে।
এটা অঞ্চলৰ শৈক্ষিক দিশকে ধৰি আৰ্থ-সামাজিক উত্তৰণত একোখন শিক্ষানুষ্ঠানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এখন শিক্ষানুষ্ঠান কেৱল অধ্যয়নৰ স্থলীয়েই নহয়, ই হৈছে সামাজিক উত্তৰণৰো মূল আধাৰ। গুৰু-শিষ্যৰ মহামিলনৰ কেন্দ্ৰস্থল একোখন শিক্ষানুষ্ঠানে এখন সুস্থ সমাজ গঢ়ে বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত সময়ছোৱাত গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সফলতাই অঞ্চলটোৰ লগতে ৰাজ্যখনক গৌৰৱান্বিত কৰিছে। তেওঁ লগতে কয় যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ-খুৱাই আগুৱাই যাবলৈ গোৰেশ্বৰ মহাবিদ্যালয়ে আহিবলগীয়া দিনবোৰত আৰু অধিক সু-পৰিকল্পিত পদক্ষেপৰে আগুৱাই যাব লাগিব যাতে মহাবিদ্যালয়খনৰ শিক্ষার্থীসকলৰ সম্ভাৱনীয়তা আৰু সামর্থ পূর্ণ ৰূপত বিকশিত হৈ উঠিব পাৰে।
মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিকশিত ভাৰতবৰ্ষ নিৰ্মাণৰ সপোন দেখিছে। দেশৰ অমৃতকালৰ এই সময়চোৱাত বিকশিত ভাৰতৰ স্বপ্ন বাস্তবায়িত কৰাত যুৱচামে নেতৃত্ব দিব লাগিব। তেওঁ কয় যে ভাৰতীয় পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ সৈতে সম্প্রতি আধুনিক ব্যৱস্থাৰাজি সংযোজিত হৈছে আৰু দেশৰ শিক্ষা ব্যৱস্থা সলনি হৈছে। যাৰ ফলস্বৰূপে তথ্য প্রযুক্তিৰ গুৰুত্ব যথেষ্ট দ্রুতগতিত বৃদ্ধি পাইছে। প্রায় সকলোৰে হাত থকা মোবাইল ফোনটো জ্ঞানৰ ভাণ্ডাৰলৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে কৃত্রিম বুদ্ধিমত্তা আৰু আধুনিক প্রযুক্তিসমূহে জ্ঞান আহৰণৰ যাত্ৰা অধিক খৰতকীয়া কৰিছে। তেওঁ কয় যে সম্প্রতি মানুহৰ চিন্তাতকৈ প্রযুক্তি আগলৈ গতি কৰিছে। ইয়াৰে অন্যতম নিদর্শন হৈছে চিকিৎসা ক্ষেত্রত ইতিমধ্যে জনপ্রিয় হ’বলৈ ধৰা তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিছুদিন পূর্বে মুকলি কৰা ৰ’বটিক ছাৰ্জাৰীৰ দৰে অত্যাধুনিক অস্ত্রোপচাৰৰ দৰে ব্যৱস্থাসমূহ। প্রযুক্তিয়ে একপ্ৰকাৰ সমগ্র পৃথিৱীখনকে আজি গ্রাস কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ছাত্র সমাজে প্রযুক্তিৰ সৈতে খোজ মিলাই আগবাঢ়িলেহে সময়ৰ গতিত নিজকে সুপ্রতিষ্ঠিত কৰিব পাৰিব। আজিৰ সমাজত কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্নিং, অগমেন্টেড বিয়েলিটি, ডাটা এনালিটিক্সৰ দৰে প্রযুক্তিসমূহৰ বহুল ব্যৱহাৰ হ’বলৈ ধৰিছে। আধুনিক এই তথ্য-প্রযুক্তিৰ
সৈতে যাতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল পৰিচিত আৰু উপকৃত হয় তাৰ বাবে মুখ্যমন্ত্রীয়ে মহাবিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষার্থীসমাজক চিন্তন আৰু মন্থন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে কলা, বাণিজ্য অথবা বিজ্ঞান যিকোনো শাখাতে অধ্যয়ন কৰিলেও তথ্য-প্রযুক্তিৰ সৈতে শিক্ষার্থীসকল সুপৰিচিত হ’লেহে শিক্ষানুষ্ঠানত তেওঁলোকে আহৰণ কৰা জ্ঞান ভবিষ্যতৰ কর্মক্ষেত্রত প্রাসংগিক হৈ থাকিব। কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক বিষয়সমূহৰ ওপৰত মহাবিদ্যালয়ৰ পৰিসৰত যাতে চর্চা হয় তাৰ বাবে মুখ্যমন্ত্রীয়ে গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষকসমাজক আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ প্ৰতিযোগিতামূলক বিশ্বত শিক্ষানুষ্ঠানত আহৰণ কৰা জ্ঞানৰ উচিত মূল্য লাভ কৰিবলৈ হ’লে বজাৰ চাহিদা সম্পর্কেও শিক্ষার্থীসকল পৰিচিত হ’ব লাগিব। সমসাময়িক বিশ্বৰ সৈতে খাপখোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ে পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বড়োলেও বিশ্ববিদ্যালয়েও অনুরূপ পদক্ষেপ গ্রহণ কৰিলে বিশ্ববিদ্যালয়খনৰ অধীনস্থ ছাত্র-ছাত্রীসকল যথেষ্ট উপকৃত হ’ব। মুখ্যমন্ত্রীয়ে গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ উৎকৰ্ষতাৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয়খনত ‘ছফট্ লার্নিং’ পাঠ্যক্রমত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মহাবিদ্যালয়খনে শিক্ষার্থীসকলৰ বাবে কম্পিউটাৰ শিক্ষা, স্প’কেন ইংলিছ আৰু ব্যক্তিত্ব বিকাশৰ পাঠ্যক্ৰম আৰম্ভ কৰিলে ছাত্র-ছাত্রীসকল যথেষ্ট লাভান্বিত হ’ব।
গোৰেশ্বৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ ক্ষেত্ৰত বিভিন্নজনে জনাই অহা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰীভাবে এই মহাবিদ্যালয়ৰ বিজ্ঞান শাখা মুকলিৰ বাবে অনুমতি জনোৱা হ’ব আৰু এইবছৰ শেষৰফালে শিক্ষকৰ পদৰ বাবে অনুমোদন জনোৱা হ’ব। এই ক্ষেত্ৰত চৰকাৰী বিধি-ব্যৱস্থাৰ মাজেৰে পদ নিয়মীয়াকৰণৰ পৰিৱৰ্তে প্রযোজ্য হোৱা নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে অধ্যাপক-অধ্যপিকা নিযুক্তি দিয়া হ’ব বুলি তেওঁ কয়। ইয়াৰ লগতে গোৰেশ্বৰ ৰে’লৱে লাইনত এখন উৰণ সেতু নির্মাণৰ দীর্ঘদিনীয়া দাবী সংক্রান্তত মুখ্যমন্ত্রীয়ে কয় যে ইতিমধ্যে ৰে’ল মন্ত্রণালয়ে আপত্তিবিহীন প্রমাণপত্র (এনঅ’চি) প্রদান কৰিছে আৰু অতি শীঘ্ৰে এখন উৰণ সেতু নির্মাণৰ যাৱতীয় পদক্ষেপ লোৱা হ’ব বুলি তেওঁ কয়। তদুপৰি গোৰেশ্বৰৰ অতি গুৰুত্বপূৰ্ণ মহৰীচুকৰ পৰা বগামাটিলৈ যোৱা পথটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাইছে আৰু ইয়াৰ নিবিদা প্রক্রিয়া চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা এই পথচোৱা নিৰ্মাণৰ কাম আৰম্ভ হ’ব।
আজি এই অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, অসম প্রদেশ ভাৰতীয় জনতা পার্টিব সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক ভরেশ কলিতা, গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্রমোদ মেধিৰ উপৰি বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী তথা জিলা আযুক্ত পংকজ চক্রবর্তী প্রমুখ্যে শীর্ষ বিষয়া আৰু গণ্য-মান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদ্যাপনৰ সামৰণি অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই আজি তামুলপুৰ জিলাৰ গুৰমৌত নৱনির্মিত বাথৌ মন্দিৰৰ শুভ উদ্বোধন উপলক্ষে আয়োজিত মাংগলিক অনুষ্ঠানতো অংশগ্রহণ কৰে। বাথৌ মন্দিৰে বড়ো সমাজৰ আধ্যত্মিক জীৱনধাৰা শক্তিশালী কৰি আহিছে বুলি অনুষ্ঠানত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শতাধিক বাথৌ থানচালি নিৰ্মাণৰ বাবে সহায়-সহযোগিতা আগবঢ়াইছে। ভাষণত মুখ্যমন্ত্রীয়ে জাতি-জনগোষ্ঠীসমূহৰ স্বকীয় পৰিচয় ৰক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে দিছপুৰৰ মন্ত্ৰী আৱাসৰ পৰিসৰত এখন বাথৌ থানচালি নির্মাণৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ গুৰমৌত বাথৌ মন্দিৰ চৌহদতে থকা শ্রীশ্রীজগন্নাথ মন্দিৰটো সেৱা আগবঢ়ায়।