BTR NEWS

গোৰেশ্বৰ-গুৰু আসন প্ৰতিষ্ঠা দিৱস।

Telegram

গোৰেশ্বৰ-গুৰু আসন প্ৰতিষ্ঠা দিৱস।

 

গোৰেশ্বৰ-২২ নৱেম্বৰঃ

 

গোৰেশ্বৰৰ শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা মহাপালনামৰ আয়োজন। আজি ২১ নবেম্বৰত টেঙাঝাৰৰ শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰ প্ৰাঙ্গনত এই উপলক্ষে আয়োজিত হয় অনুষ্ঠান। প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজিত গুৰু আসন প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দিনজোৰা কাৰ্যসূচী মৰ্মে পুৱা প্ৰাতঃ প্ৰসংগ, ৮ বজাৰ পৰা পালনামৰ শুভাৰম্ভ কৰে বৰপেটাৰ ৰবীন দাস বাপে। পালনামত উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ, বৰপেটা বুঢ়াসত্ৰীয়া বাপ,বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো বাপজনা উপস্থিত থাকে। ইয়াৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শিত হয়। মহাপালনামত স্থানীয় ভকতবৃন্দৰ লগতে বৰপেটা আৰু বৰঙাজুলি সত্ৰৰ ভকত সকলৰ লগতে ওদালগুৰি , গুৱাহাটী, বাগসা , তামুলপুৰ জিলাৰ বহু ভকত বৃন্দই উপস্থিত থাকি অনুষ্ঠানটো সজীৱ কৰি তুলে।

Exit mobile version