
গোৰেশ্বৰৰ শ্ৰী শ্ৰী শনি মহামেলা আৰম্ভ
গোৰেশ্বৰ-১৪ডিচেম্বৰঃ
বিশ্বৰ শান্তি অপায় অমংগল দূৰ কৰণৰ মানসৰে গোৰেশ্বৰ বকুলগুড়িত শ্ৰী শ্ৰী শনি মহামেলা আৰু নৱগ্ৰহ মহাযজ্ঞ আৰম্ভ
শনিবাৰে নিশা শিবানন্দ যোগাশ্ৰম আৰু যোগ মহাবিদ্যালয় প্ৰাঙ্গণত ৫ দিনীয়াকৈ আৰম্ভ হৈছে মেলা।
নিশা শ্ৰীশ্ৰী শনি মহামেলা আৰু নৱগ্ৰহ মহাযজ্ঞত আগমন ঘটে দুৰ দুৰণিৰ হাজাৰ হাজাৰ ভক্তৰ ।
ধুপ নৈবদ্য আগবঢ়াই গ্ৰহৰাজ শ্ৰী শ্ৰী শনি মন্দিৰত আশীষ লয় ভক্তসকলে ৷
ইপিনে শ্ৰী শ্ৰী শনিপূজাৰ ৰঙা ফিটা কাটি শুভৰাম্ভ কৰে *বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে* ৷
ইতিমধ্যে প্ৰতিদিনে নিশা অনুষ্ঠিত হব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে যোগভ্যাস অনুষ্ঠান ।
১৪ ডিচেম্বৰৰপৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ।