গোৰেশ্বৰৰ কাঠেনীত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন
গোৰেশ্বৰ-৪নৱেম্বৰঃ
গোৰেশ্বৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৌজন্যত কাঠেনী প্ৰাথমিক শাখাৰ আতিথ্যত উদযাপন মহোৎসৱৰ
দুদিনীয়া বৰ্ণঢ্য কাৰ্যসূচীৰে কাঠেনী প্ৰাথমিক শাখাৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰে আৱিৰ্ভাৱ মহোৎসৱৰ
তদুপলক্ষে মহোৎসৱত নাম প্ৰসঙ্গ,ধৰ্মধ্বজা উত্তোলন,ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত হয়।
গোৰেশ্বৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি নৰেন ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও ধৰ্মালোচকে ভাষণ ৰাখে ।
ইপিনে অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশা পাঠক তৰুণ কাকতি আৰু বিনয় ৰাজকুমাৰৰ নাগাৰা নামেৰে সামৰণি পৰে ৷