গোৰেশ্বৰত শ্ৰমিক কৰ্মশালা সম্পন্ন।
গোৰেশ্বৰ:২৫ নৱেম্বৰ:
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ এগৰাকী প্ৰতিষ্ঠিত নিৰ্মাণ শ্ৰমিক খগেন ডেকাৰ উদ্যোগত নিৰ্মাণ শ্ৰমিকসকলৰ এখন বিশেষ কৰ্মশালা আজি ২৪ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ চি আই টি ইউ কাৰ্যালয়ত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাত নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত অৰ্ধশতাধিক শ্ৰমিক উপস্থিত থাকে। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি শ্ৰমিকসকলৰ শাৰীৰিক সুৰক্ষা, নিৰ্মাণখণ্ডৰ সঁজুলিসমূহৰ সঠিক ব্যৱহাৰ তথা নিৰ্মাণখণ্ডৰ সৈতে জড়িত অন্যান্য দিশ সম্পৰ্কে বাখ্যা আগবঢ়াই অভিযন্তা বিষ্ণু দাসে। সভাৰ আঁত ধৰে মহেশ ডেকাই।
কৰ্মশালাখন উদ্বোধন কৰে শ্ৰমিক নেতা ভোলা শৰ্মাই।
তেওঁ উদ্বোধনী ভাষণত শ্ৰমিকসকলক বিভিন্ন চৰকাৰী সা-সুবিধাৰ বিষয়েও অৱগত কৰায়। উদ্যোক্তা খগেন ডেকাই শ্ৰমিকসকলে নিৰ্মাণ শ্ৰমিকসকলে ব্যৱহাৰ কৰা বিভিন্ন সা-সঁজুলিৰ ব্যৱহাৰিক দিশ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই।