গোৰেশ্বৰত চোৰৰ উপদ্ৰৱ। ৰাসৰ অনুষ্ঠান চলি থকাৰ মাজতে গোৰেশ্বৰৰ টাউন এলেকাৰ কেবাখনো দোকানত চোৰৰ অভিযান।

Telegram

গোৰেশ্বৰত চোৰৰ উপদ্ৰৱ। ৰাসৰ অনুষ্ঠান চলি থকাৰ মাজতে গোৰেশ্বৰৰ টাউন এলেকাৰ কেবাখনো দোকানত চোৰে অভিযান চলালে যোৱা নিশা।

 

গোৰেশ্বৰ-২৪নৱেম্বৰঃ

 

 

অৱশ্যে ৰাসৰ বাব মানুহৰ আহ-যাহৰ বাবে চোৰে কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিশেষ বয়-বস্তু চুৰি কৰিবলৈ সক্ষম নহ’ল। গোৰেশ্বৰ বাছষ্টেণ্ডৰ সমীপৰ পাকঘৰ ৰেষ্টেুৰেণ্টত নিশা চোৰে অভিযান চলাই। চোৰে দুৱাৰৰ হক কাটি ভিতৰত প্ৰৱেশ কৰে যদিও কোনো বস্তু চুৰি কৰি নিবলৈ সক্ষম নহ’ল। চোৰে বাহিৰত এডাল দীঘল ৰড আৰু ভিতৰত এডাল স্ক্ৰু ড্ৰাইভাৰ এৰি থৈ যায়। চোৰে আনকি টকা থকাৰ সন্দেহত কেচ কাউন্টাৰৰ আটাইকেইটা ড্ৰয়াৰ খুলি চায় যদিও পাকঘৰ ৰেষ্টুৰেন্টৰ স্বাত্বাধিকাৰীয়ে তাত নগদ ধন ৰখা নাছিল বুলি জনায়। ইপিনে সোনজুৰি চ’কৰো দুখনকৈ দোকানত চোৰে চুৰি কাৰ্যৰ চেষ্টা চলাই। সোনজুৰি চ’কত থকা এখন চাহ দোকান আৰু ব্ৰয়লাৰ দোকানৰ তলা ভাঙে। চাহ দোকানৰ পৰা কোনো সামগ্ৰী চুৰি হোৱা নাই যদিও ব্ৰয়লাৰ দোকানৰ পৰা বিক্ৰী কৰিবলৈ ৰখা লোকেল মুৰ্গী কেবাটাও চুৰি কৰি নিয়ে।

  • Related Posts

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_

    Telegram

    TelegramTweetতামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫   তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *