
গোৰেশ্বৰত অসম বাৰ্তাজীৱী সংঘৰ ৫১সংখ্যক প্ৰতিষ্ঠা দিৱস
গোৰেশ্বৰ,১৯নৱেম্বৰঃ
গোৰেশ্বৰত অসম বাৰ্তাজীৱী সংঘৰ ৫১সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে গোৰেশ্বৰৰ এন আৰ ডি এচ মহাবিদ্যালয়ত পালন প্ৰতিষ্ঠা দিৱস ।
মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে
শিশু সাহিত্যিক তথা মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী
সভাত প্ৰাগ নিউজৰ সম্পাদক নৱনীতা কলিতা আৰু অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সহযোগী সম্পাদক মনোজ অগষ্টিয়েও চমু ভাষণ দিয়ে ৷
সাংবাদিক সকলক সমাজৰ বিবেক বুলি কোৱা হয় ৷ বিবেকে সমাজত পথ পদৰ্শকৰ ভুমিকা গ্ৰহণ কৰে ৷ এই মন্তব্য শিশু সাহিত্যিক তথা মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ ৷ আজি গোৰেশ্বৰৰ এন আৰ ডি এচ মহাবিদ্যালয়ত অসম বাৰ্তাজীৱী সংঘৰ ৫১সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দুপৰীয়া অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিশু সাহিত্যিক গোস্বামীয়ে এনেদৰে কয়। তেঁও আৰু কয় বিবেক আৰু মনৰ মাজত সদায় এটা যুদ্ধ চলি থাকে ৷ চঞ্চল মন ঠিক কৰিব লাগিলে বিবেকেৰে ঠিক কৰিব লাগিব ৷ উক্ত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে নিজৰ লক্ষ্য লৈ কাম কৰিলে লক্ষ্যত উপনীত হ’ব পাৰিব বুলি কয়। ভাষণ প্ৰসংগত গোস্বামীয়ে মোৱাইলৰ অধিক ব্যৱহাৰৰ পৰিৱৰ্তে বাতৰি কাকত -আলোচনী অধ্যয়ন কৰি তথ্য আহৰণৰ আহবান জনায় ৷ কেইবাজনো মহান ব্যক্তিৰ উদাহৰণ দি বিশিষ্ট শিশু সাহিত্য গোস্বামীয়ে কষ্ট কৰিলেহে জীৱন সুন্দৰ হ’ব বুলি কয় ৷ অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধিৰ পৰিচালনাত অনুষ্ঠিত সভাখন উদ্বোধন কৰি দিয়া ভাষণত ভাৰতীয় বাৰ্তাজীৱী সংঘৰ উপ সভাপতি তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক ফণীধৰ দাসে কয় বৰ্তমানে মিডিয়া হাউচৰ মাজত প্ৰতিদ্বন্দ্বিতা চলিছে ৷ প্ৰতিদ্বন্দিতা কৰিব যাওঁতেই যাতে সমাজত কুপ্ৰভাৱ পৰিব নোৱাৰে সেইদিশটো লক্ষ্য কৰা উচিত । শিক্ষাৰ্থীৰ উদ্দেশ্যে দাসে বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে নিজৰ দেউতাক মাকৰ পৰিচয়ৰে নহয় নিজৰ কৰ্মৰ নামেৰে সমাজত সুপ্ৰতিষ্ঠিত হৈ চিনাকী তথা অঞ্চললৈ সুনাম কঢ়িয়াবৰ চেষ্টা কৰি অধ্যয়নত ব্ৰতী হ’বলৈ আহবান জনায় ৷ অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আঁতধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চমু ভাষণত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সম্পাদক তথা দৈনিক অসমৰ সহ সম্পাদক পুলিন কলিতাই আজিৰ ৰাজনীতি অৰ্থনীতিয়ে সলনি কৰে বুলি উল্লেখ কৰাৰ লগতে সাংবাদিকৰ পৰা টেড ইউনিয়ন নোহোৱা হৈছে বুলি আক্ষেপ কৰে ৷ তেওঁ অসম বাৰ্তাজীৱী সংঘৰ আৰু শিশু সাহিত্যিক ঋষিকেশ গোস্বামীৰ মধ্যস্থতাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সাংবাদিকৰ পেঞ্চন আঁচনি আৰু সাংবাদিকৰ চৰকাৰী পৰিচয় পত্ৰ লাভ সুবিধা হৈছে বুলি উল্লেখ কৰি অসম চৰকাৰৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা গোস্বামীৰ শলাগ লয় ৷সভাত প্ৰাগ নিউজৰ সম্পাদক নৱনিতা কলিতা আৰু অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সহযোগী সম্পাদক মনোজ অগষ্টিয়েও চমু ভাষণ দিয়ে ৷ সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বি টি আৰৰ পৰিবহন বিভাগৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে সাংবাদিকসকলক সদাসচেতন হৈ সংবাদ পৰিবেশন কৰিবলৈ আহবান জনায়। ই এম নাৰ্জাৰীয়ে ৰাজনীতিকৈ নিজকে খেতিয়ক বুলি প্ৰকাশ কৰি খেতিয়কৰ সংবাদ পৰিৱেশনত গুৰুত্ব দিবলৈ সাংবাদিকসকলক আহবান জনায় ৷ উক্ত সভাত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সম্পাদকক মনোজ অগষ্টি , পুলিন কলিতা অনুপুমা ডেকা (আমাৰ অসম) গোৰেশ্বৰ সাংবাদিক নীল শৰণীয়া হাংগামা নাৰ্জাৰী ,এন আৰ ডি এচৰ সঞ্চালক ডেৰহাচাৰ নাৰ্জাৰী বনবিষয়া সমৰজ্যোতি বড়ো গোৰেশ্বৰৰ যুব ব্যৱসায়ী গিৰিণ বড়ো জ্যেষ্ঠ নাগৰিক ভাচন কৰ্মকাৰ বনবিষয়া কৃতিসুন্দৰ দৈমাৰী শিক্ষক ৰবীন্দ্ৰ কুমাৰ ডেকা, তামুলপুৰ প্ৰেছ ক্লাবৰ সম্পাদক উৎপল ডেকা সাংবাদিক দীপাংকৰ দাস মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । লগতে শিক্ষক ৰবেন ৰাভা
সোনাধৰ ডেকা অবিচি বৰ্ডৰ অধ্যক্ষ জিন্তুমণি বৰুৱা কিশোৰজ্যোতি শৰ্মা অধ্যক্ষ ভূপেচ ভাগৱতী
কামৰূপ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক তাৰিণী চৰণ কলিতা বড়োলেণ্ড সাংবাদিক সন্থাৰ সম্পাদক ৰমেন দাস তামুলপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি নিৰঞ্জন ডেৰা কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ডেকা ,জয়ন্ত ডেকা অসমীয়া প্ৰতিদিনৰ গোৰেশ্বৰৰ সাংবাদিক আব্দুল লতিফ চৌধুৰী আদিকে ধৰি কেইবাজনো ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷ সভাত উক্ত মহাবিদ্যালয়ৰ ছাত্ৰীৰ বড়ো নৃত্যই সভাত উপস্থিত থকা অতিথি সকলক আহ্লাদিত কৰে ৷
আনহাতে আজি পুৱা ৯বজাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধিয়ে পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিচতেই বন্তিপ্ৰজ্বলন কৰে অসম বাৰ্তাজীৱী সংঘৰ উপ সভাপতি তথা অসমীয়া প্ৰতিদিনৰ উপ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই ৷বন্তিপ্ৰজ্বলন কৰি দিয়া ভাষণত অঞ্জন কুমাৰ শৰ্মাই অসম বাৰ্তাজীৱী সংঘ প্ৰতিষ্ঠাৰ লগত জড়িত সকলক শ্ৰদ্ধা জনোৱাৰ লগতে চিৰদিনৰ বাবে আতৰি যোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷ চমুকৈ দিয়া ভাষণত অসম বাৰ্তাজীৱী সংঘই সাংবাদিকৰ সমস্যাৰ বিষয়ে মাত মাতি আহিছে বুলি উল্লেখ কৰাৰ লগতে সাংবাদিকৰ সমস্যা পূৰণৰ ক্ষেত্ৰত চৰকাৰক পদক্ষেপ গ্ৰহণৰ দাবী জনায় ৷ তেওঁ সকলো সংবাদিককে ঐক্যবদ্ধ হোবা আহবান জনায় । ইয়াৰ পিচত স্মৃতি তৰ্পন কৰে সম্পাদক মুকুট ৰাজ শৰ্মাই ৷ ইয়াৰ পিচতেই গছপুলি ৰোপণ কৰে ক্ৰমে জ্যেষ্ঠ সাংবাদিক বিজয় আগৰৱাল যুব সমাজকৰ্মী মোমাই কাৰ্তিক ৰিদীপ ৰাজবংশী সাংবাদিক আব্দুল লতিফ চৌধুৰী আদিয়ে ৷