BTR NEWS

গোসাঁইগাঁৱত বিপিএফ দলৰ ত্ৰিবাৰ্ষিক অভিৱৰ্তন সম্পন্ন।

Telegram

গোসাঁইগাঁৱত বিপিএফ দলৰ ত্ৰিবাৰ্ষিক অভিৱৰ্তন সম্পন্ন।

 

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওস্থিত ইউ এন ব্ৰহ্ম খেলপথাৰত কালি বিপিএফ দলৰ চৰাইবিল ব্লক সমিতি, যুৱ সমিতি আৰু মহিলা কোষৰ ষষ্ঠ সংখ্যক ত্ৰিবাৰ্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

 

অভিৱৰ্তনৰ মুকলি সভাত বক্তৃতা দি হাগ্ৰামা মহিলাৰীয়ে ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া বিটিচি’ পৰিষদীয় নিৰ্বাচনত বিপিএফ দল অধিক আসনত জয়লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে দলটোৱে সদায় অঞ্চলবাসীৰ কল্যাণৰ বাবে কাম কৰি আহিছে, আৰু আগলৈও একে ধৰণৰ জনহিতৈষী কাম অব্যাহত থাকিব।

 

এই অনুষ্ঠানত বিপিএফ দলৰ বহু নেতা-কর্মী, স্থানীয় বাসিন্দা আৰু বিভিন্ন গোষ্ঠীৰ প্ৰতিনিধিয়ে উপস্থিত থাকি সভাটোক সফল কৰি তোলে। অনুষ্ঠানৰ আয়োজন সম্পন্ন কৰিবলৈ চৰাইবিল ব্লক সমিতি, যুৱ সমিতি আৰু মহিলা কোষৰ কৰ্মীসকলে বিশেষ ভূমিকা পালন কৰে।

 

বিটিচি’ পৰিষদীয় নিৰ্বাচনৰ বাবে বিপিএফ দলৰ লক্ষ্য আৰু জনমুখী নীতিৰ ওপৰত এই অভিৱৰ্তন বিশেষ গুৰুত্ববাহী বুলি ধৰা হৈছে।

 

Exit mobile version