
গুৱাহাটী দক্ষিণগাওঁ হাইস্কুলৰ গৌৰৱ: টপাৰ হ’ল অৰুফা পাৰবিন
বিদ্যালয়ৰ প্ৰধান শিক্ষক হেলালুদ্দিনে অৰুফা পাৰবিনৰ প্ৰশংসা কৰি কয়, “অৰুফা এক মনযোগী, কঠোৰ পৰিশ্ৰমী আৰু নিষ্ঠাৱান ছাত্ৰী। তেওঁৰ এই সফলতা সকলো শিক্ষাৰ্থীৰ বাবে অনুপ্ৰেৰণা।” তেওঁ লগতে কয় যে, বিদ্যালয়ে এনেধৰণৰ মেধাবী ছাত্ৰ-ছাত্ৰী উলিয়াই আনিব পৰা গৰিমা অনুভৱ কৰে।
বিদ্যালয় আৰু স্থানীয় সমাজত অৰুফাৰ এই সফলতা উৎসৱত পৰিণত হৈছে। লগতে তেওঁক আগলৈ যাওঁতে সকলো দিশৰ পৰা শুভেচ্ছা আৰু সমৰ্থনো জনোৱা হৈছে।