BTR NEWS

গুৱাহাটীৰ গণেশগুৰিস্থ আয়কৰ ভৱনত আয়োজিত পোষণ ভী পঢ়াই ভী অনুষ্ঠান।

Telegram

গুৱাহাটীৰ গণেশগুৰিস্থ আয়কৰ ভৱনত আয়োজিত পোষণ ভী পঢ়াই ভী অনুষ্ঠান।

 

আজিৰ দিনটো গুৱাহাটীৰ গণেশগুৰিস্থ আয়কৰ ভৱনত মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এক বিশেষ অনুষ্ঠান আয়োজিত হয়। ‘পোষণ ভী পঢ়াই ভী’ শীৰ্ষক এই অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱী উপস্থিত থাকে। মুখ্য অতিথি হিচাপে ভাষণ দি তেওঁ উত্তৰ-পূৱ ভাৰত তথা অসমৰ উন্নয়নৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

 

তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ-পূৱ ভাৰত দ্ৰুত গতিত উন্নয়নৰ পথত আগবাঢ়ি আছে। মহিলাসকল এতিয়া বিভিন্নক্ষেত্ৰত আত্মনিৰ্ভৰ হৈ পৰিছে আৰু অসমত পোষণ আঁচনিৰ কামো সঠিক দিশত আগবাঢ়ি গৈ আছে।

 

প্ৰমাণ-পত্ৰ আৰু চেক বিতৰণ

অনুষ্ঠানটোৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও অংগনৱাড়ী কৰ্মীক প্ৰমাণ-পত্ৰ আৰু অৱসৰকালীন ধনৰ চেক প্ৰদান কৰে। এই উদ্যোগে অংগনৱাড়ী কৰ্মীসকলৰ ত্যাগ আৰু অৱদানক স্বীকৃতি জনাইছে।

 

উপস্থিতি আৰু অংশগ্ৰহণ

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, বিভাগৰ সঞ্চালক গৌৰীশংকৰ শৰ্মা, লগতে বহু বিষয়াসকল উপস্থিত থাকে। সকলোৰে উপস্থিতিয়ে এই অনুষ্ঠানক সফলতা দানে।

 

 

Exit mobile version