BTR NEWS

গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত বৈঠক, উপস্থিত আছিল জি আৰ ৰবীন্দ্ৰ ৰাজু

Telegram

গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত বৈঠক, উপস্থিত আছিল জি আৰ ৰবীন্দ্ৰ ৰাজু

 

Date: 14 July 2025

বশিষ্ঠ চাৰিআলি, গুৱাহাটী

 

আজি গুৱাহাটীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সাংগঠনিক ক্ষেত্ৰত উদ্ভৱ হোৱা কিছু গুৰুত্বপূর্ণ বিষয়ে গভীৰ আলোচনা কৰিবলৈ এখন বৈঠকৰ আয়োজন কৰা হয়।

 

এই গুৰুত্বপূর্ণ বৈঠকখনত উপস্থিত আছিল ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত জি আৰ ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, যিয়ে সংগঠনৰ দিশ আৰু ভৱিষ্যৎ পৰিকল্পনাৰ ওপৰত মূল্যবান দিশ-নিৰ্দেশনা প্ৰদান কৰে।

 

সদস্যসকলে বৈঠকত ৰাজ্যৰ ৰাজনৈতিক, সামাজিক পৰিৱেশ, আগন্তুক কাৰ্যসূচী আৰু সাংগঠনিক দৃঢ়তাৰ ওপৰত বিস্তৃত আলোচনা কৰে। লগতে সাংগঠনিক স্তৰত বৃহৎ পৰিসৰত সদ্য উদ্ভৱ হোৱা কিছু চেলেঞ্জৰ মোকাবিলা কেনেদৰে কৰিব পাৰি, সেয়া লৈও মতবিনিময় হয়।

 

📍স্থান: ৰাজ্যিক মুখ্য কাৰ্যালয়, বশিষ্ঠ চাৰিআলি, গুৱাহাটী।

এই বৈঠকখনক সাংগঠনিক ভৱিষ্যৎ পদক্ষেপৰ বাবে এক দিশ-নিৰ্দেশক হিচাপে গণ্য কৰা হৈছে।

 

Exit mobile version