BTR NEWS

গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি

Telegram

গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি

 

গুৱাহাটীত চলি থকা উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ (CrPC) ১৬৩ ধাৰা জাৰি কৰিছে। এই ধাৰাৰ অধীনত মহানগৰত পাঁচজনতকৈ অধিক ব্যক্তিৰ সমৱেশ নিষিদ্ধ কৰা হৈছে। লগতে প্ৰতিবাদ, ধৰ্ণা, বা শ্ল’গান প্ৰদৰ্শনৰ ওপৰতো সম্পূৰ্ণ বাধা আৰোপ কৰা হৈছে।

 

বিশেষকৈ দিছপুৰৰ ৰাজধানী চৌহদৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ প্ৰতিবাদ বা গণ-সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব। এই পৰিকল্পনা বুধবাৰৰ ঘটনাৰ পাছত সাৱধানতামূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছে।

 

গুৱাহাটীৰ মহানগৰ আৰক্ষীয়ে জাননী জাৰি কৰি সতর্ক কৰিছে যে এই নিয়ম উলংঘা কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ শৃংখলা, সুৰক্ষা, আৰু শান্তি সুনিশ্চিত কৰা।

 

এই পৰিস্থিতিত মহানগৰবাসীক অহেতুক সমাবেশ আৰু পথ অৱৰোধৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।**

 

Exit mobile version