গুৱাহাটীত প্ৰতিষ্ঠা হ’ব Indian Institute of Management (IIM)
গুৱাহাটী, ১৪ আগষ্টঃ
অসমৰ শিক্ষা ক্ষেত্ৰৰ বাবে এক গৌৰৱৰ খবৰ। গুৱাহাটী শহৰত প্ৰতিষ্ঠা হ’ব Indian Institute of Management (IIM)। IIM প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুঠ ৫০০ কোটি টকা অনুমোদন কৰিছে।
শ্বিলঙৰ পিছত অসমত প্ৰথম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন IIM হিচাপে গুৱাহাটীৰ এই প্ৰতিষ্ঠান গঢ়ি তোলা হ’ব। আৰম্ভণিৰ পৰ্যায়ত গুৱাহাটীৰ IIM খন আহমেদাবাদ IIMৰ তত্বাৱধানত চলিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই খবৰ জনাই কৈছে, “অসমৰ শিক্ষা খণ্ডৰ বিকাশৰ দিশত এই পদক্ষেপে এক নতুন দিগন্ত উন্মোচন কৰিব।”
নতুন IIM প্ৰতিষ্ঠাৰ ফলত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চ মানৰ ব্যৱসায় শিক্ষা লাভৰ সুযোগ বৃদ্ধি হোৱাৰ লগতে অসমৰ সৈতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।