গুৱাহাটীত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা দোষীক শাস্তি প্ৰদানৰ দাবী  জাৰ্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম, কামৰূপ জিলা সমিতিৰ

  • Crime
  • July 21, 2025
  • 0 Comments
Telegram

গুৱাহাটীত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা

দোষীক শাস্তি প্ৰদানৰ দাবী 

জাৰ্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম, কামৰূপ জিলা সমিতিৰ

 

গুৱাহাটী ২১ জুলাই:গুৱাহাটী মহানগৰীত পুনৰ এগৰাকী কৰ্তব্যৰত সাংবাদিকক অপদস্থ কৰা ঘটনা সংঘটিত হৈছে।খানাপাৰাস্থিত ড্ৰিমলেণ্ডত ওলোমা বাগানৰ পৰা পৰি এটি ১২ বছৰীয়া শিশু ICUত’ চিকিৎসাধীন হৈ থকা ঘটনাৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট কৰিবলৈ যোৱা সাংবাদিক এগৰাকী মহিলাৰ দ্বাৰা নিগ্রহৰ বলি হয়। ২৪ লাইভৰ মুখ্য সম্পাদক, ইমদাদ আলীক ড্ৰিমলেণ্ড কৰ্তৃপক্ষৰ এগৰাকী মহিলাই শাৰীৰিক ভাৱে অপদস্হ কৰাৰ লগতে চেনেলটোৰ বুম ভাঙি দিব খুজি বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে।এই ঘটনাক জাৰ্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম চমুকৈ জাফাৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছে।

জাফাৰ কামৰূপ জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ ডেকা আৰু সাধাৰণ সম্পাদকে ছৰিফউদ্দিন আহমেদে সাংবাদিক নিগ্ৰহৰ ঘটনাত জড়িত মহিলা গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে আইনি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযুক্ত মহিলা গৰাকীক উচিত শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ।লগতে ১২ বছৰীয়া শিশুটি কি দৰে আঘাতপ্ৰাপ্ত হৈ আই চি ইউত চিকিৎসাধীন হ’ব লগীয়া হ’ল সেই ঘটনাৰো এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে সংস্থাই।

  • Related Posts

    • Crime
    • August 10, 2025
    • 5 views
    • 1 minute Read
    EGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender

    Telegram

    TelegramTweetEGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender Guwahati, August 10: An East Guwahati Police District (EGPD) team from Bhagaduttapur Out Post has successfully recovered a stolen Oppo A57 mobile…

    • Crime
    • August 9, 2025
    • 6 views
    • 1 minute Read
    EGPD Rescues Missing Minor Girl Within Hours

    Telegram

    TelegramTweetEGPD Rescues Missing Minor Girl Within Hours   In a swift and coordinated operation, a team from Basistha Police Station under East Guwahati Police District (EGPD) successfully rescued a missing…

    Leave a Reply

    Your email address will not be published. Required fields are marked *