
খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানক সম্বৰ্ধনা জ্ঞাপন বিটিআৰৰ ই এম ধৰ্মনাৰায়ন দাস, তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক লক্ষী দাসৰ।
শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰতিশ্ৰুতি ডঃ ধৰ্মনাৰায়ন দাসৰ।
তামুলপুৰ ১৬ মে’ –
তামুলপুৰ জিলাৰ অন্তৰ্গত বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ঐতিহ্যমণ্ডিত তথা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী শিক্ষানুষ্ঠান খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অসম মাধ্যমিক শিক্ষা সঞ্চালকে দিয়া এক নিৰ্দেশ মৰ্মে উন্নীতকৰণ কৰাৰ পিছৰে পৰা নাগ্ৰীজুলি অঞ্চলৰ শিক্ষানুৰাগী তথা বিদ্যৎ সমাজৰ মাজত আজি দ্বিতীয় দিনাও আনন্দ উল্লাস অব্যাহত আছে। বিদ্যালয়খনৰ উন্নীতকৰণৰৰ খবৰ লাভ কৰাৰ পিছত আজি পুৱাৰ ভাগত বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাস, তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক লক্ষী দাস (ভজন) দাস, নাগ্ৰীজুলি আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক ৰেবেন বড়ো, সমাজকৰ্মী হৰি গৌতম আৰু ভালে সংখ্যক শুভাকাংক্ষী আহি বিদ্যালয়ত উপস্থিত হয় আৰু বিদ্যালয় প্ৰধান ৰবেন ৰাভাক ফুলাম গামোচা, আৰোনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ হোৱাত আনন্দ প্ৰকাশ কৰি বিদ্যালয় প্ৰধান আৰু শিক্ষক কৰ্মচাৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে। বিদ্যালয়খনৰ চৌদিশ পৰিভ্ৰমণ কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাসে তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক লক্ষী দাসৰ উপস্থিতিত বিদ্যালয় প্ৰধান ৰবেন ৰাভা আৰু শিক্ষক কৰ্মচাৰী সকলৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনা কালত খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন শ্ৰেণী কোঠা নিৰ্মান, পুৰণি শ্ৰেণী কোঠাৰ মেৰামতি, প্ৰস্ৰাৱ ঘৰ নিৰ্মানকে আদি কৰি আন্তঃগাঁথনিৰ উন্নয়নৰ কাম শীঘ্ৰে কৰি দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিয়ে। লক্ষী দাসেও শিক্ষানুষ্ঠানখনৰ উন্নয়নৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি দিনৰ ভাগত বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী গোটেও বিদ্যালয় প্ৰদান ৰবেন ৰাভা আৰু সহকাৰী প্ৰদান কৃষ্ণ ব্ৰহ্মক ফুলাম।গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।