BTR NEWS

ক্ৰমে আকৰ্ষণীয় বিটিআৰৰ ৰাজনীতি

Telegram

ক্ৰমে আকৰ্ষণীয় বিটিআৰৰ ৰাজনীতি

 

বাক্সা জিলাৰ কলিতা জনগোষ্ঠীয়ে এইবাৰ বিজেপিক মুকলি সমৰ্থন জনোৱাৰ ঘোষণা কৰিছে। দিহিৰা, মুছলপুৰ আৰু বাগানপাৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকলক পূৰ্ণ সমৰ্থন জনাইছে কলিতা জনগোষ্ঠীয়ে।

 

কলিতা জনগোষ্ঠীৰ দাবী, মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতেই বিজেপিক সমৰ্থন জনোৱা হৈছে। তেওঁলোকে কেবল বিজেপিক সমৰ্থন কৰাৰ বাহিৰেও বিটিআৰত বিজেপিৰ চৰকাৰ হব বুলি দাবী উত্থাপন কৰিছে।

 

দিহিৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানস প্ৰতীম কলিতা, মুছলপুৰৰ ৰিদীপ কুমাৰ ডেকা আৰু বাগানপাৰাৰ প্ৰাৰ্থী ৰেখা দাস বড়োক সমৰ্থন জনাইছে কলিতা জনগোষ্ঠীয়ে।

 

কলিতা জনগোষ্ঠীৰ এই মুকলি সমৰ্থনে বিজেপিক বিটিআৰত শক্তিশালী ভুমিকা দিব নে নলয়, সেইটো পৰৱৰ্তী সময়তেই প্ৰমাণ হব।

Exit mobile version