BTR NEWS

কোকৰাঝাৰত BTR বিধানসভাৰ শীতকালীন অধিবেশনৰ সামৰণি।

Telegram

কোকৰাঝাৰত BTR বিধানসভাৰ শীতকালীন অধিবেশনৰ সামৰণি।

 

কোকৰাঝাৰৰ বডোফা নগৰস্থিত বি টি আৰ (বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন) বিধানসভা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত শীতকালীন অধিবেশনৰ আজি সফলতাৰে সামৰণি পৰিল। এই অধিবেশনে বি টি আৰৰ সাম্প্ৰতিক বিষয় আৰু অঞ্চলৰ উন্নয়নমূলক আগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

 

অধিবেশনত বিভিন্ন বিধায়কে স্থানীয় সমস্যাৰ ওপৰত আলোচনা কৰে, যাৰ ভিতৰত শিক্ষাৰ উন্নয়ন, যুৱ প্ৰজন্মৰ সম্প্ৰদায়িক ঐক্য, পৰিৱেশ সুৰক্ষা, আৰু নতুন প্রকল্পবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বিষয়ে বিশদে আলোচনা কৰা হয়।

 

বি টি আৰৰ চিফ একজিকিউটিভ মেম্বাৰ (CEM) প্ৰমোদ বড়োৱে অধিবেশন সামৰণি ভাষণত কয়, “এই অধিবেশনত গৃহীত সিদ্ধান্তসমূহ অঞ্চলৰ উন্নতিৰ বাবে এক প্ৰয়াস। আমাৰ মূল লক্ষ্য হৈছে বি টি আৰবাসীৰ জীৱন মান উন্নীত কৰা।”

 

তেওঁ লগতে অঞ্চলটোৰ আন্তঃসম্প্ৰদায়িক ঐক্য অটুট ৰাখিবলৈ সমষ্টিগত প্রচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শীতকালীন অধিবেশনে নতুন প্ৰস্তাৱসমূহৰ জৰিয়তে বি টি আৰৰ উন্নয়নৰ এক নতুন দিশৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

 

এই অধিবেশনই বি টি আৰবাসীৰ আশা-আকাংক্ষাক সন্মান জনাই সঠিক দিশত উন্নয়নৰ বাবে দিশ-নির্দেশ প্ৰদান কৰিছে।

 

Exit mobile version