
কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সাংবাদিকক কৰা তাচ্ছিল্য মন্তব্যক গৰিহণা জাফা
গুৱাহাটী ২৭ জুন :
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আহ্বান কৰা সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে সাংবাদিকক কৰা তাচ্ছিল্য মন্তব্যক জাৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফায়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ মন্ত্ৰী গৰাকীয়ে নিজে সাংবাদিকক মাতি তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো বুলি কৰা বিৰূপ মন্তব্য ধিক্কাৰৰযোগ্য ৷ মন্ত্ৰী গৰাকীৰ এই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ জাফাৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অতী শীঘ্ৰে ক্ষমা খোজাৰ লগতে অনাগত দিনত এনে ধৰণৰ বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ জাফাৰ পৰা সকীয়াই দিয়া হয়৷