কেন্দ্ৰীয় বাজেট সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া

  • Current
  • February 2, 2025
  • 0 Comments
Telegram

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া

 

দেশৰ কেন্দ্ৰীয় বাজেট ২০২৫ লৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে, এই বাজেটখন ধনীসকলৰ হিতসাধনলৈকে সীমাবদ্ধ হৈ আছে আৰু সাধারণ জনগণৰ কল্যাণক উপেক্ষা কৰিছে।

 

শইকীয়াই অভিযোগ উত্থাপন কৰি কয়, “এই বাজেটখনত ডাঙৰ ডাঙৰ ধনীসকলৰ ১৪ লাখ কোটি টকা ঋণ মাফ কৰা হৈছে, কিন্তু সাধাৰণ জনগণৰ ক্ষেত্ৰত কোনো আৰ্থিক ৰাহি নাই। ধনীসকলৰ সংখ্যা অতি কম, কিন্তু তেওঁলোকৰ হাতত আমাৰ দেশৰ অধিকাংশ সম্পত্তি কেন্দ্ৰীভূত হৈ আছে। এই বাজেট খণ্ডিত অৰ্থনৈতিক ন্যায়ৰ প্ৰতিফলন।”

 

তেওঁৰ মতে, চৰকাৰে গৰিব আৰু মধ্যবিত্ত শ্রেণীক উপেক্ষা কৰি বৃহৎ উদ্যোগ আৰু মূলধনী বিনিয়োগকাৰীসকলৰ হিতসাধন কৰিছে। মধ্যবিত্ত আৰু নিম্ন আয়ৰ লোকসকলৰ বাবে কর ৰাহি নাই, মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰতো কোনো নতুন পদক্ষেপ ঘোষণা কৰা হোৱা নাই।

 

বিরোধী দলৰ এই কঠোৰ সমালোচনাৰ বিপৰীতে শাসকীয় দলে দাবী কৰিছে যে এই বাজেট দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশক আগবঢ়াব। যদিও শইকীয়াই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই, “গৰিব, কৃষক, কামকাৰী আৰু ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নলৈ দৃষ্টি দিয়ক, নহয়লে এই অৰ্থনৈতিক নীতি অসমতাৰ দিশে ধাবিত হ’ব।”

 

এই বিতৰ্কিত মন্তব্যৰ পিছত ৰাজনৈতিক মহলত এই বাজেট সন্দৰ্ভত তীব্ৰ আলোচনা চলিছে।

 

  • Related Posts

    • Current
    • September 12, 2025
    • 4 views
    • 1 minute Read
    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

    Telegram

    TelegramTweetডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

    • Current
    • September 12, 2025
    • 6 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *