কুমাৰীকাটা — দ্বাৰকুছিত ইউপিপিএলৰ যোগদান সমাৰোহ — সহস্ৰাধিকৰ ইউপিপিএলত যোগদান : 

Telegram

কুমাৰীকাটা — দ্বাৰকুছিত ইউপিপিএলৰ যোগদান সমাৰোহ — সহস্ৰাধিকৰ ইউপিপিএলত যোগদান : 

তামুলপুৰ , ১ ডিচেম্বৰ :

 

সুদীৰ্ঘ সময়ৰ পিছত বিগত ২০২০ চনৰ পৰা বিটিআৰত স্থায়ী শান্তি স্থাপন হৈছে । মানুহৰ মনৰ পৰা ভয় শংকা দূৰ হৈছে । সমান্তৰালভাৱে বিটিআৰত ক্ষিপ্ৰ উন্নয়ন হৈছে — এই ভাষ্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ । তামুলপুৰ জিলাৰ অন্তৰ্গত ২৬ নম্বৰ দৰঙাজুলি ব্লক ইউপিপিএলৰ উদ্যোগত কুমাৰীকাটাৰ মটঙাপাৰত আজি অনুষ্ঠিত এক যোগদান সমাৰোহত তেওঁ এই মন্তব্য কৰে । ভাষণত তেওঁ পুনৰ কয় — বিগত সোঁতৰ বছৰে সমাধান নোহোৱা ভূমিৰ সমস্যা আমি মাত্ৰ চাৰি বছৰতে ভালেখিনি সমাধান কৰিবলৈ সক্ষম হৈছোঁ । ভূমিৰ সমস্যাৰ লগতে শৈক্ষিক , স্বাস্থ্য আদিকে ধৰি সকলোবোৰ সমস্যা সমাধান কৰিবলৈ আমি অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ । কিয়নো আমি ৰাজনীতিৰ নামত ৰাজনীতি কৰা নাই । আমি ৰাইজৰ সেৱা কৰিবলৈহে ওলাই আহিছো । দলৰ সাংগঠনিক স্থিতিৰ ওপৰত বক্তব্য ৰাখি তেওঁ কয় যে দৰঙাজুলি সমষ্টিকে ধৰি বিটিআৰৰ ৪০ টা সমষ্টিতেই দলৰ সাংগঠনিক ভেটি অতি মজবুত হৈ আছে । দৰঙাজুলি ব্লক ইউপিপিএলৰ সভাপতি ৰাফেল দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ ৰাখে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে । ভাষণত তেওঁ কয় প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তি স্থাপন হোৱাৰ লগতে বিটিআৰৰ ক্ষিপ্ৰ উন্নয়ন সম্ভৱপৰ হৈছে । তেওঁ আজি যোগদান কৰা সকলোকে দললৈ উষ্ম আদৰণি জনোৱা বুলিও মন্তব্য কৰে । সভাত বিটিআৰৰ পাৰিষদ পবিত্ৰ বড়ো , প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাস , টিচিএলচিচিৰ অধ্যক্ষ ফণীন্দ্ৰ নাৰ্জাৰী , দৰঙাজুলি ব্লক ইউপিপিএলৰ সম্পাদক সুজন পাল আদিকে ধৰি কেইবাজনো নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । ইপিনে তামুলপুৰ জিলাৰ অন্তৰ্গত দ্বাৰকুছিতো দলৰ এখন যোগদান সমাৰোহ অনুষ্ঠিত হয় । জানিব পৰা মতে সহস্রধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে । #

  • Related Posts

    চামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডল

    Telegram

    TelegramTweetচামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডল   আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ চামগুৰি সমষ্টি এতিয়া উত্তাল। কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত এই সমষ্টিত প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰকিবুল…

    বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

    Telegram

    TelegramTweetবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।     বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ বাসগৃহত যোৱা নিশা উপস্থিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *