BTR NEWS

কুমাৰীকাটাৰ বিনোৱাপুৰত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ হিন্দু বাঙালীৰ।

Telegram

কুমাৰীকাটাৰ বিনোৱাপুৰত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ হিন্দু বাঙালীৰ।

 

তামুলপুৰঃ ৩১ আগষ্ট:–

 

হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত আজি কুমাৰীকাটাৰ বিনোৱাপুৰত সদৌ

বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ডি ভোটাৰ প্ৰত্যাহৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, হিন্দু বাঙালী সকলৰ ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰক, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বাঙালী ফেডাৰেচন জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বঙালী ফেডাৰেচন জিন্দাবাদ, দিলীপ শইকীয়া হুচিয়াৰ আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ। ইপিনে,প্ৰতিবাদ স্থলীৰ পৰাই হিন্দু বাঙালী সকলৰ ডি ভোটাৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে অনাগত দিনত গোচৰ প্ৰত্যাহাৰ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাসৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।

Exit mobile version