কুমাৰীকাটাত ১৫ দিনীয়া বড়ো লোক নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ
তামুলপুৰ,১০ জুলাই।
– অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগ়ত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ৪৩ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টি ভিত্তিত আজিৰে পৰা দক্ষিণ কুমাৰীকাটা সামুহীক ভৱনত বড়ো লোক নৃত্যৰ এক গ্ৰীষ্ম কালীন কৰ্ম শালাৰ আৰম্ভ কৰা হয় ৷ জন গোষ্ঠীয় ঐক্য মঞ্চ, তামুলপুৰৰ বিশেষ সহযোগত আয়োজীত বড়ো লোক নৃত্য কৰ্মশালাৰ শুভ উদ্ধোধন কৰে দৰংগাজূলী পৰিষদীয় সমষ্টিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীয়ে ৷ কৰ্মশালা খনিৰ উদ্ধোধন কৰি বিজিত গৌৰা নাৰ্জাৰীয়ে কয়,ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ লোক কৃষ্টি সমুহ নতুন প্ৰজন্মৰ মাজত চিনাকী কৰি দিয়াৰ লগতে জনগোষ্ঠী সমুহৰ কৃষ্টি সংস্কৃতি সমুহ জীয়াই ৰখাৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰি ক্ৰমা বিভাগে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে ৷ আমাৰ আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলে পঢ়া শুনাৰ সমান্তৰাল ভাৱে নিজৰ লোক সংস্কৃতি সমুহৰো চৰ্চা অব্যাহত ৰাখিব লাগিব ৷ তেতিয়াহে আমাৰ সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতি সমুহ জীয়াই থাকিব ৷ জন গোষ্ঠীয় ঐক্য মঞ্চ, তামুলপুৰৰ সভাপতি প্ৰতাপ ব্ৰহ্মই আঁত ধৰা আজিৰ বডো লোক নৃত্য কৰ্মশালা উদ্ধোধনী অনুস্থানত বডো লেণ্ড সাংবাদিক সংস্থাৰ সাধাৰন সম্পাদক ৰমেন দাস, তামুলপুৰ প্ৰেছ ক্লাৱৰ সদস্য সুমন গড়তোলা, জন গোষ্ঠীয় ঐক্য মঞ্চ, তামুলপুৰৰ
সাংস্কৃতিক সম্পাদক তথা প্ৰশিক্ষক বিষ্ণু বড়োৰ লগতে বৃহত্তৰ কুমাৰীকাটা অঞ্চলৰ ৫০ গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে ৷ অহা ২৪ জুলাইত কৰ্মশালা খনিৰ সামৰণি পৰিব ৷